উপস্থিত নহ’ল তদন্ত কমিটিৰ সমুখত, নেপাললৈ পলায়ন খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ

Lakhimpur Kheri violence

৩ অক্টোবৰত প্ৰতিবাদী কৃষকক গাড়ীৰে মহতীয়াই হত্যা কৰাৰ অভিযোগত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰাই উক্ত ঘটনাৰ তদন্ত কৰি থকা বিশেষ অনুসন্ধান দলৰ সন্মুখত হাজিৰ নহ’ল।

তাৰ পৰিৱৰ্তে নেপাললৈ পলায়ন কৰিছে খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰই।

শুক্ৰবাৰে আৰক্ষীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত ৰাতিপুৱা ১০ বজাত আশীষ মিশ্ৰক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু নিৰ্দিষ্ট সময়ৰ ভিতৰত তদন্ত কমিটিৰ সন্মুখত উপস্থিত নহ’ল মন্ত্ৰীপুত্ৰ আশীষ মিশ্ৰ।

সূত্ৰ অনুসৰি , আৰক্ষীয়ে আশীষ মিশ্ৰৰ মোবাইল ফোন ট্ৰেক কৰিছিল আৰু তেওঁৰ বৰ্তমান অৱস্থান উত্তৰ প্ৰদেশ-নেপাল সীমান্তৰ গৌৰীফাণ্টাৰ ওচৰত থকা বুলি জানিব পৰা গৈছে।

এই সম্পৰ্কত উত্তৰ প্ৰদেশৰ এজন জেষ্ঠ আৰক্ষী বিষয়াই কয় যে, “আমি উত্তৰাখণ্ড আৰু নেপালতো আমাৰ আৰক্ষী বাহিনীক সতৰ্ক কৰিছো আৰু তেওঁক বিচাৰিবলৈ ইতিমধ্যে দল গঠন কৰা হৈছে।”

উল্লেখ্য যে ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাত আঠজন লোকে প্ৰাণ হেৰুৱাইছিল।

কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰাই প্ৰতিবাদকাৰী কৃষকক গাড়ীৰে মহতীয়াই নিয়াৰ ফলত চাৰিজন কৃষকৰ মৃত্যু হৈছিল আৰু কেইবাজনো কৃষক আহত হৈছিল। এই আক্ৰমণত খৰ্গহস্ত হৈ কৃষকসকলেও প্ৰতি আক্ৰমণ কৰে আৰু এই হিংসাত পুনৰ চাৰিজন ব্যক্তিৰ মৃত্যু হয়।

ইফালে এই ঘটনাৰ তদন্তৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে এখন ন্যায়িক পেনেল গঠন কৰিছে।

উত্তৰ প্ৰদেশ চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰদীপ কুমাৰ শ্ৰীবাস্তৱক লৈ এক সদস্যৰ পেনেল গঠন কৰিছে। এই পেনেলে দুমাহৰ ভিতৰত ইয়াৰ ফলাফলৰ প্ৰতিবেদন দাখিল কৰিব।