NORTHEAST NOW (Assamese)

অৰুণাচলত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ প্ৰস্তাৱ নাই : প্ৰতিৰক্ষা মন্ত্ৰ্যালয়

December 13, 2018 10:33 am · এন ই নাও নিউজ
Updated: December 13, 2018 1:09 pm

কেন্দ্ৰীয় চৰকাৰে আওপকীয়াকৈ জনাই দিছে যে অৰুণাচলৰ টিৰাপ, চাংলাং আৰু লংডিং এলেকাত বাহাল থকা বিতৰ্কিত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ বিৱেচনাধীন হৈ থকা নাই।

১২ ডিচেম্বৰ বুধবাৰে লোকসভাত এই কথা সদৰি কৰিছে কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী সুভাষ ভামৰেই। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে নৱেম্বৰৰ ১৭ তাৰিখে খনছা চক্ৰৰ অন্তৰ্গত লেপটাং এলেকাত চলোৱা এটা অভিযান কালত এজন উগ্ৰপন্থীক কৰায়ত্ব কৰা হৈছিল আৰু তেওঁৰ পৰা লংডিং জিলাৰ অন্তৰ্গত লংকিয়ন (Longkjon) গাঁৱৰ ৩টা বাসগৃহত যুদ্ধসদৃশ ষ্টৰৰ উপস্থিতিৰ সনে্ধান লাভ কৰা গৈছিল।

এই তথ্যৰ পৰৱৰ্তী পদক্ষেপ হিচাপে হিচাপে  ১৮-১৯ নৱেম্বৰত সেনাৰ এটা গোটে এই সন্দেহজনক ৩টা বাসগৃহত তালাচী চলায় বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লিখতভাৱে সদনক অৱগত কৰে।

এই অভিযানটো সম্পূৰ্ণ নিয়ম মানি স্থানীয় বাসিন্দাসকলক অযথা হাৰাশাস্তি নকৰাকৈ সম্পন্ন কৰা হৈছিল আৰু এই ক্ষেত্ৰত গাঁৱৰ জ্যেষ্ঠ বাসিন্দাসকলৰ পৰা ‘অভিযোগ নাই’ বুলি প্ৰমাণপত্ৰ লোৱা গৈছিল।

সদনত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে জনায় যে উক্ত অভিযানটোত উত্থাপিত হোৱা হাৰাশাস্তি আৰু দুৰ্ব্যৱহাৰৰ কিছু সংখ্যক অভিযোগৰ ভিত্তিত এটা অনুসন্ধান চৱোৱা হৈছিল আৰু আৰু ইয়াত গাঁৱবাসীসকলে জনাইছে যে তেওঁলোকৰ বিৰুদ্ধে কোনো অভিযোগ নাই।

Related News