NORTHEAST NOW (Assamese)

আৰক্ষীৰ হাতত প্ৰহৃত হোৱা ডেলিভাৰী বয় জ্ঞানদীপক USTMয়ে প্ৰদান কৰিলে চাকৰি; দিলে MBA পঢ়াৰো সুবিধা

November 26, 2024 2:57 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 26, 2024 3:03 pm

মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে (USTM) জ্ঞানদীপ হাজৰিকা নামৰ ডেলিভাৰী বয়জনক প্ৰশাসনিক বিভাগত ছেকচনেল অফিচাৰৰ চাকৰি আগবঢ়াইছে৷

সোমবাৰে ইউ এছ টি এমৰ আচাৰ্য মেহবুবুল হকে জ্ঞানদীপক প্ৰতিমাহে ৩০ হাজাৰ টকাৰ চাকৰিৰ লগতে প্ৰতিষ্ঠানটোৰ এম বি এ পাঠ্যক্ৰমত নামভৰ্তি কৰে।

আচাৰ্যজনে লগতে কয়, ‘ৰাতিপুৱা তেওঁ প্ৰশাসনৰ সৈতে কাম কৰিব আৰু সন্ধিয়া তেওঁ নিজৰ ক্লাছ কৰিব।’

উল্লেখ্য যে,জ্ঞানদীপে ইয়াৰ পূৰ্বে কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল আৰু তাৰ পৰাই অৰ্থনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

Related News