• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফুটবলত যুৱ প্ৰতিভা উলিয়াই অনাৰ লক্ষ্যৰে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ সৈতে চুক্তি অৰুণাচল প্ৰদেশৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2024 2:59 pm
87
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ফুটবলত উত্তৰ পূব ভাৰতক প্ৰতিনিধিত্ব কৰা অন্যতম জনপ্ৰিয় ক্লাব হৈছে নৰ্থ-ইষ্ট ইউনাইটেড এফচি। বলীউডৰ প্ৰাক্তন তাৰকা জন আব্ৰাহামৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এই ক্লাবটোৱে দীৰ্ঘদিন ধৰি ভাৰতীয় ফুটবলত নিজৰ স্থান সুদৃঢ় কৰাৰ বাবে অদম্য প্ৰচেষ্টা চলাই আহিছে।

আই এছ এলত বিশেষ সফলতা লাভ নকৰিলেও শেহতীয়াকৈ ডুৰাণ্ড কাপ জয় কৰি তেওঁলোকে নিজৰ সম্ভাৱনা আৰু প্ৰতিভাৰ আভাস দেখুৱাইছে। এতিয়া তেওঁলোকে অৰুণাচল প্ৰদেশৰ সৈতে বিশেষ চুক্তি কৰি যুৱ ফুটবল প্ৰতিভাসমূহ উলিয়াই অনাৰ বাবে এক নতুন দৃষ্টান্ত স্থাপন কৰিছে।

নৰ্থ ইষ্ট ইউনাইটেডে দীৰ্ঘদিন ধৰি নিজৰ অঞ্চলৰ ফুটবলাৰসকলৰ বিকাশৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। কিন্তু এইবাৰ এই পদক্ষেপ বৃহৎ আৰু দীৰ্ঘম্যাদী। শেহতীয়াকৈ অৰুণাচল প্ৰদেশ ফুটবল এছ’চিয়েশ্যনৰ সৈতে এক বিশেষ চুক্তি স্বাক্ষৰিত হৈছে, যাৰ লক্ষ্য হৈছে কেৱল ব্যক্তিগত ক্লাবৰ উন্নয়নেই নহয়, সমগ্ৰ অঞ্চলটোৰ ফুটবল আন্তঃগাঁথনিৰ মান উন্নত কৰা।

সোমবাৰে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ গোল্ডেন জুবিলী ষ্টেডিয়ামত স্বাক্ষৰিত হয় এই চুক্তি। এই উপলক্ষে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা এপিএফএৰ সভাপতি পেমা খাণ্ডু, নৰ্থ ইষ্ট ইউনাইটেডৰ চিইঅ’ জন আব্ৰাহাম, ক্লাবৰ থিংক টেংক মন্দাৰ তাম্হানে আৰু ফুটবল বিশেষজ্ঞ কৃপা অজয় ​​উপস্থিত থাকে।

এই পদক্ষেপৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত ফুটবল প্ৰতিভাৰ সন্ধান চলোৱা হ’ব। একে সময়তে স্থানীয় পর্যায়ত ফুটবল প্রশিক্ষক, প্রশিক্ষণ শিবিৰ আৰু ঘৰুৱা প্রতিযোগিতা আয়োজন কৰি যুৱক-যুৱতীৰ বিকাশৰ পথ প্রশস্ত কৰাৰ পৰিকল্পনা কৰা হৈছে৷

এই চুক্তিৰ অধীনত ৬ৰ পৰা ১২ বছৰ আৰু ১৩ৰ পৰা ১৫ বছৰ বয়সৰ দুটা শাখাৰ ফুটবলাৰৰ বাবে সুকীয়া প্ৰশিক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব। এই পদক্ষেপৰ জৰিয়তে যুৱ ফুটবলাৰসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে বিশেষ কাৰ্যসূচী সৃষ্টি কৰা হ’ব। প্ৰতিভা বিকাশৰ বাবে প্ৰশিক্ষণ শিবিৰ আৰু প্ৰতিযোগিতামূলক প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব। ইয়াৰ দ্বাৰা নতুন প্ৰজন্মৰ ফুটবলাৰসকলে আই এছ এল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হ’ব পাৰিব।

যদিও অৰুণাচল প্ৰদেশ ফুটবলৰ ক্ষেত্ৰত আপেক্ষিকভাৱে পিছপৰা, তথাপিও ৰাজ্যৰ নৱপ্ৰজন্মৰ মাজত যোৱা কিছু বছৰত ফুটবলৰ প্ৰতি আগ্ৰহ বাঢ়িছে। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ভাষাত, “এই পদক্ষেপে কেৱল ৰাজ্যখনৰ ফুটবলৰ বিকাশেই নহয়, উত্তৰ-পূব ভাৰতৰ প্ৰতিভাৱান ফুটবলাৰসকলেও ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ পথ প্ৰশস্ত কৰিব।”

ইফালে, নৰ্থ-ইষ্ট ইউনাইটেডৰ মুৰব্বী জন আব্ৰাহামে এই চুক্তিক এক অনন্য মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁৰ মতে, ‘ফুটবল কেৱল খেল নহয়, ই এক সংস্কৃতি। ই অৰুণাচল প্ৰদেশৰ যুৱ প্ৰতিভাৱান ফুটবলাৰসকলৰ বাবে এক নতুন দিগন্ত মুকলি কৰিব।”

প্ৰথম পৰ্যায়ত গোল্ডেন জুবিলি ষ্টেডিয়ামত আৰম্ভ হ’ব ফুটবল প্ৰশিক্ষণ শিবিৰ। পিছত এই পদক্ষেপ নামছাই, ইউপিয়া আৰু অৰুণাচলৰ অন্যান্য অঞ্চললৈ সম্প্ৰসাৰিত কৰা হ’ব। লক্ষ্য হৈছে অৰুণাচল প্ৰদেশৰ প্ৰতিখন জিলাৰ পৰা প্ৰতিভাৱান ফুটবলাৰক বিচাৰি উলিয়াই পেছাদাৰী ফুটবলৰ জগতলৈ অনা।

এই চুক্তিয়ে যুৱ প্ৰজন্মৰ বাবে এক অভূতপূৰ্ব সুযোগ কঢ়িয়াই আনিব। প্ৰতিভাৱান ফুটবলাৰসকলক নৰ্থ ইষ্ট ইউনাইটেডৰ ফুটবল একাডেমীত প্ৰশিক্ষণৰ সুযোগ দিয়া হ’ব। কেৱল সেয়াই নহয় শ্ৰেষ্ঠ প্ৰতিভাই নৰ্থ-ইষ্ট ইউনাইটেডৰ যুৱ দলত খেলাৰ সুযোগ পাব আৰু ভৱিষ্যতে ছিনিয়ৰ দলতো খেলাৰ সুযোগ পাব।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd