NORTHEAST NOW (Assamese)

আনলক গুৱাহাটী: পথৰ কোনটো কাষৰ দোকান খুলিব পাৰিব ব্যৱসায়ীয়ে?

July 19, 2020 6:59 pm · দীপজ্যোতি শৰ্মা

ক’ৰনা সংক্ৰমণ ৰোধৰ বাবে তিনি সপ্তাহৰ লকডাউন৷ সোমবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব আনলক ১৷

মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ নিৰ্দেশনা অনুসৰি আনলকৰ সময়চোৱাত কিদৰে খোলা হ’ব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ  সেই সম্পৰ্কে কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰিছে কিছু নীতি-নিয়ম৷

জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা অনুসৰি সোমবাৰে পথৰ সোঁ-কাষৰ দোকানসমূহ মুকলি হ’ব। মঙলবাৰে পথৰ বাওঁ-কাষৰ দোকানসমূহ মুকলি কৰিব পাৰিব।

পল্টন বজাৰৰ পৰা খানাপাৰালৈ সোঁ-কাষৰ দোকান মুকলি হ’ব। একেদৰে জালুকবাৰী পৰা নুনমাটিলৈ। জালুকবাৰীৰ পৰা ভিআইপি ৰোড হৈ আজাৰা। ছয়মাইল-নাৰেংগি লৈ সোঁ-কাষৰ দোকানসমূহ মুকলি কৰিব পাৰিব।

জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কামৰূপ(ম) জিলা চেম্বাৰচ অৱ কমাৰ্চৰ সভাপতি আৰু ব্যৱসায়ী সন্থাসমূহৰ সৈতে বৈঠকৰ পাছতে ঘোষণা কৰে এই নিয়মৰ কথা।

গুৰুত্বপূৰ্ণ এই যে অহা সপ্তাহত একে নিয়ম বাহাল থাকিব জিলাখনত।

Related News