• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত দিয়া আনলক-১ক কেন্দ্ৰ কৰি চৰকাৰলৈ কেইটামান বিশেষ প্ৰশ্ন জ্যেষ্ঠ অধিবক্তাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 19, 2020 7:42 pm
ooooo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“চাৰিমাহ যোৰা লকডাউনত এতিয়া কৰোণাই নহয়, লঘোনে মানুহক মাৰিব।” নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত এই বিস্ফোৰক মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

তেওঁ কয় “লকডাউন স্বত্ত্বেও গণ সংক্ৰমণ কমা‌ নাই, অথচ এই দীঘলীয়া লকডাউনে প্ৰায়ভাগ মানুহক অভাৱৰ ফালে ঠেলি দিছে।”

Apply Now

ইয়াৰোপৰি সৰু ব্যৱসায়ী, গাড়ী চালক-কৰ্মচাৰী, অটো চালক, ৰিক্সা চালক, কাপোৰ ব্যৱসায়ী, ফুলৰ ব্যৱসায়ী, ই ৰিক্সা চালক, অধিবক্তা, তৰণী ইত্যাদি যি সকলে ব্যক্তিগত ভাৱে স্বাৱলম্বী হয়, দুসপ্তাহ কাম নকৰিলেই নাটনিত পৰে, তেনে ক্ষেত্ৰত চাৰি মাহ কাম নকৰাকৈ থকাটো অভাৱনীয় বুলি মন্তব্য কৰে অধিবক্তা গৰাকীয়ে।

ইপিনে, ব্যক্তিগত খণ্ডৰ ব্যৱসায়ীয়ে হওঁক বা চাকৰিয়ালেই হওঁক লকডাউনৰ বিভিন্ন স্থিতিত অনিশ্চয়তাৰ বাবে কাম স্থগিত হৈ আছে বুলি সদৰী কৰি হাজৰিকাই কয় “মুঠৰ ওপৰত চৰকাৰী চাকৰি আৰু পেন্সন পোৱা সকলৰ বাহিৰে প্ৰায় সকলোয়ে আৰ্থিক দুৰ্যোগত ভুগিছে।”

ইপিনে, কালি মুখ্য সচিবে ঘোষণা কৰা শিথিল লকডাউনৰ নিয়ম আৰু সম্পূৰ্ণ লকডাউনৰ মাজত একো পাৰ্থক্য নাই বুলি দাবী অধিবক্তাগৰাকীৰ।

“অফিচ খুলিব দিলে, কিন্তু ব্যক্তিগত বাহনত যাতায়ত নিষিদ্ধ। এতিয়া কৈছে নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰত গাড়ী চলাব পাৰিব। কিন্তু সেইয়া ধার্য কৰিব আৰক্ষীয়ে আৰু আৰক্ষীৰ অত্যাচাৰ বাঢ়িবহে, এতিয়া কোনটো যাতায়ত কৰ্মত পৰিব কোনটো নপৰিব কোনো স্পষ্টততা নাই।” হাজৰিকাই এইদৰে কয়।

হাজৰিকাৰ মুখ্য সচিবলৈ প্ৰথমটো প্ৰশ্ন “গাড়ী ডিলাৰটো যদি খোলা থাকে কিনোতাই ঘৰলৈ গাড়ী খন কেনেকৈ আনিব?”

“এইটো সম্পূৰ্ণ যুক্তিহীন। যদি অটোৰিক্সা আৰু টেক্সীত উঠি কামলৈ যাবই লাগে তেনেহ’লে বহু মানুহ অত্যধিক টকা ভৰি কামলৈকে যাবই নোৱাৰিব, যিহেতু সকলো আৰ্থিক সংকটত ভুগি আছে।” হাজৰিকাই লগতে উল্লেখ কৰি কয়।

তেওঁ আৰু কয় “ইফালে উদ্যোগ আৰম্ভ কৰিব দিছে, কিন্তু উদ্যোগৰ পৰা ওলোৱা-সোমোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। তাৰমানে কৰ্মচাৰীয়ে দিনে নিশাই উদ্যোগৰ ভিতৰত সুমাই থাকিব লাগিল। যদি দোকান সমুহ ৰাস্তাৰ কোনোবা এটা ফালে ৩ দিন আৰু আনটো ফালে ২ দিন মাত্ৰ খোলা ৰাখে, তেনেহলে দোকানৰ শ্ৰমিকসকলৰ দৰমহাৰ খৰছেই নোলাব। মুঠতে লকডাউন শিথিল কৰাৰ বহুতো নিয়ম সম্পূৰ্ণ যুক্তিহীন।”

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা লকডাউনৰ কাৰণে হোৱা আৰ্থিক সংকটৰ বাবে বহুতে আত্মহত্যা কৰাৰ খবৰো আহিছে বুলি সদৰী কৰি হাজৰিকাই কয়, “প্ৰকৃতাৰ্থত লকডাউনৰ নীতি নিয়ম বনোৱা সকল আৰু প্ৰণয়ন কৰা সকলে জনসাধাৰণৰ দুখ কষ্ট বুজিব নোৱাৰে, কিয়নো তেওঁলোকে কাম কৰক বা নকৰক দৰমহা কিন্তু পায়েই থাকিব।”

হাজৰিকাৰ দ্বিতীয়টো প্ৰশ্ন “অসমৰ কেইজন মন্ত্ৰী বিধায়ক আছে যিয়ে সততাৰে কষ্ট কৰি নিজৰ জীৱন নিৰ্বাহ কৰে?”

এই প্ৰশ্ন কৰি হাজৰিকাই লগতে কয় “আমাৰ প্ৰায়ভাগ মন্ত্ৰী বিধায়কে চান্দা সংস্কৃতিৰ যোগেদি নিজকে নেতা প্ৰতিষ্ঠিত কৰি ক্ষমতা দখল কৰাৰ পাছত দালালি, ছিণ্ডিকেট আৰু দুৰ্নীতি কৰি নিজকে ধনী কৰিছে। তেওঁলোকে জনসাধাৰণৰ কষ্ট বুজিব নোৱাৰে, কিয়নো তেওঁলোকে কষ্টৰ মূল্য নুবুজে।”

তৃতীয়টো প্ৰশ্ন উত্থাপন কৰি হাজৰিকাই কয় “উদ্যোগ বিলাকৰ দৰে মূখ্যমন্ত্ৰী, মুখ্য সচিব, মন্ত্ৰী, আমোলাসহ বাকী সকলো বিষয়াই নিজৰ অফিচতে সোমাই থাকিব নেকি? তেওঁলোকে চৰকাৰী আৰু নিজৰ ব্যক্তিগত বাহন বাদ দি, অটোৰিক্সা, টেক্সী আৰু উ’বেৰত যাতায়ত কৰিব নেকি?”

অন্য কেইটামান প্ৰশ্ন কৰি হাজৰিকাই কয় “জনসাধাৰণৰ লগত সহানুভূতি ৰাখি মন্ত্ৰী, আমোলা আৰু বিধায়ক সকলে নিজৰ দৰমহা লোৱা বন্ধ কৰিব নেকি?”

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd