অপহৰণক কেন্দ্ৰ কৰি শংকৰ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি; অপহৃত কৰ্মচাৰীৰ মুক্তিৰ নামত ২ কোটি টকা দাবী

Sankar tea estate

শংকৰ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত শংকৰ চাহ বাগিচাৰ পৰা অস্ত্ৰধাৰী দলে শুকুৰবাৰে অপহৰণ কৰি নিয়া কৰ্মচাৰী গৌৰাঙ্গ দেৱক উদ্ধাৰ কৰিবলৈ সেনা-আৰক্ষী বৰ্মানলৈ সক্ষম হোৱা নায়।

আলফা স্বাধীনৰ তৰফৰ পৰা এই অপহৰণ কাৰ্য্য সংঘটিত কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰাৰ পাছত আজি এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত কৰ্মচাৰী গৰাকীৰ মুক্তিৰ বাবদ আলফা স্বাধীনে ২ কোটি টকা দাবী কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, শুকুৰবাৰে সন্ধিয়া সামৰিক পোছাকত অহা চাৰিজনীয়া এটা অস্ত্ৰধাৰী যুৱকৰ দলে চাহ বাগিচাখনত প্ৰৱেশ কৰে আৰু প্ৰথমে বাগিচাখনৰ মেনেজাৰক বিচাৰে আৰু পৰৱৰ্তী সময়ত বাগিচাখনৰ মেনেজাৰ জনৈক ভূঞাক এৰি কৰ্মচাৰী গৌৰাঙ্গ দেৱক লগত লৈ যায়।

অস্ত্ৰধাৰী অপহৰণকাৰী দলোটোৱে যাবৰ সময়ত বাগিচাখনৰ স্বত্তাধিকাৰী সুধীৰ কুমাৰ লোহিয়াৰ ফোন নম্বৰো সংগ্ৰহ কৰি নিয়ে বুলি বাগিচাখনৰ মেনেজাৰগৰাকীয়ে প্ৰকাশ কৰে।

আনহাতে, বাগিচাখনৰ পৰা শ্ৰমিকগৰাকীক অপহৰণক কেন্দ্ৰ কৰি সমগ্ৰ বাগিচাৰ চাহ শ্ৰমিকসকলৰ মনত আজি তীব্ৰ উত্তেজনাই বিৰাজ কৰে।

বাগিচাখনৰ স্বত্তাধিকাৰী সুধীৰ কুমাৰ লোহিয়াক আলফা স্বাধীনে বৃহৎ অংকৰ ধন দাবী কৰাৰ পাছত তেওঁ দাবী কৰা ধন আদায় নিদিয়াৰ বাবে এনেদৰে আলফাই বাগিচাখনৰ পৰা কৰ্মচাৰীক অপহৰণ কৰিছে বুলি শ্ৰমিক সকলৰ মাজত খবৰ বিয়পি বিয়পি পৰাৰ পাছতে উত্তপ্ত হৈ পৰে বাগিচাখন।

শ্ৰমিক সকলৰ প্ৰতিবাদৰ বাবে বাগিচাখনৰ ফেক্টৰী বন্ধ হৈ পৰাৰ লগতে পৰিবেশ অস্থিৰ হৈ পৰে।

শ্ৰমিকসকলে বাগিচাখনৰ স্বত্তাধিকাৰী সুধীৰ কুমাৰ লোহিয়াক অপহৃত কৰ্মচাৰীগৰাকীৰ মুক্তিৰ বাবে তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ স্পষ্ট উত্তৰ বিচাৰি কৰ্মবিৰতি পালন কৰাৰ ফলত ফেক্টৰীত হাজাৰ হাজাৰ কিলো কেঁচা চাহপাত নষ্ট হ’ব ধৰিছে।

তদুপৰি, সুধীৰ কুমাৰ লোহিয়াই ব্যস্ততাৰ বাবে বাগিচালৈ আহিব পৰা নাই বুলি প্ৰেৰণ কৰা বাৰ্তাই শ্ৰমিক-কৰ্মচাৰী সকলক আৰু ক্ষুব্ধ কৰি তুলিছে বুলি জানিব পৰা গৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ চাহ বাগিচাখনত বৰ্তমান সেনা, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়ন কৰা হৈছে।

ইফালে গৌৰাঙ্গ দেৱৰ অপহৰণৰ বাতৰি লাভ কৰাৰ পাছতে তেওঁৰ পত্নী মায়া দেৱৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি জানিব পৰা গৈছে। কৰ্মচাৰী গৰাকীৰ কন্যা প্ৰিয়ংকা দেৱে নিৰ্দোষী দেউতাকক অনাহকত কষ্ট নিদি শীঘ্ৰে মুক্তি দিয়াৰ বাবে অপহৰণকাৰী সকললৈ কাতৰ আহ্বান জনাইছে।