• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰ প্ৰদেশত গাদী হেৰুৱাব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে!

প্রাঞ্জল দেউৰী by প্রাঞ্জল দেউৰী
September 7, 2021 9:16 pm
Yogi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ভিতৰতে সৰ্বাধিক চৰ্চিত ৰাজ্য চৰকাৰখনেই হৈছে যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰ।

শাসনলৈ অহাৰ পিছতে বিভিন্ন জনবিৰোধী নীতি, সাম্প্ৰদায়িক নীতি গ্ৰহণ, ধৰ্মীয় সংখ্যালঘুৰ লোকৰ ওপৰত নিগ্ৰহ আৰু হত্যা, বৰ্ধিত নাৰী ধৰ্ষণ, নিৰ্যাতন আৰু হত্যা, অক্সিজেনৰ অভাৱত চিকিৎসালয়ত শিশুৰ মৃত্যু, সাংবাদিকৰ ওপৰত নিগ্ৰহ, গো-সুৰক্ষাৰ আইন বলৱৎ, মোগল সাম্ৰাজ্যৰ স্মৃতি বিজৰিত পুৰণি চহৰসমূহৰ নাম সলনি আদিৰ বাবে সদায় চৰ্চাত আছে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

Apply Now

নৰেন্দ্ৰ মোদীৰ পিছতে দেশৰ ভৱিষ্যতৰ বিজেপিৰ প্ৰধানমন্ত্ৰীত্বৰ প্ৰধান দাবীদাৰ বুলিও দেশৰ ৰাজনীতিত চৰ্চা লাভ কৰি আহিছে যোগী আদিত্যনাথে।

এতিয়া এই যোগী আদিত্যনাথৰ মুখ্যমন্ত্ৰীত্বৰ চকী আৰু বেছি দিনলৈ সুৰক্ষিত নহয় বুলি চৰ্চা লাভ কৰিছে।

বিশেষকৈ নিজৰ টোগলকী কাণ্ড আৰু কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বাবেই আগন্তুক নিৰ্বাচনত ক্ষমতাচ্যুৎ হ’ব পাৰে যোগী আদিত্যনাথ!

উল্লেখ্য যে আৰু কিছু মাহৰ পিছতে অনুষ্ঠিত উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে যোগী আদিত্যনাথক অস্বস্তিত পেলাইছে উত্তৰ ভাৰতত অব্যাহত থকা কৃষক আন্দোলনে। আৰু এই কৃষক আন্দোলনৰ ফলতে যোগী আদিত্যনাথে ক্ষমতা হেৰুওৱাৰ আশংকাত ভুগিছে।

স্মৰ্তব্য যে কেন্দ্ৰৰ তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত যোৱা ৯ মাহে ৰাজধানীৰ দিল্লীৰ লগতে উত্তৰ ভাৰতত অব্যাহত আছে অদমনীয় কৃষক আন্দোলন।

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ আন্দোলনৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাত কৃষক আন্দোলনৰ যৌথ সংগঠন সংযুক্ত কিষাণ মৰ্চাই উত্তৰ প্ৰদেশৰ পৰা বিজেপিৰ চৰকাৰ উৎখাত কৰিবলৈ সংকল্পৱদ্ধ হৈছে।

ইতিমধ্যে সংযুক্ত কিষাণ মৰ্চাই উত্তৰ প্ৰদেশত আৰম্ভ কৰিছে বিজেপি উৎখাত অভিযানৰ কুচকাৱাজ। যোৱা দেওবাৰে সংযুক্ত কিষাণ মৰ্চাই উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত তিনি বিৰ্তকিত কৃষি আইন বাতিলৰ দাবী আয়োজন কৰে বিশাল মহাপঞ্চায়ত। য’ত উপস্থিত হৈছিল লক্ষাধিক প্ৰতিবাদী কৃষক।

উক্ত মহাপঞ্চায়তত দেশৰ কৃষক সংগঠনসমূহে উত্তৰ প্ৰদেশৰ পৰা বিজেপিক ক্ষমতাচ্যুৎ কৰিবলৈ পণ লৈছে।

মহাপঞ্চায়তত কৃষক নেতা ৰাকেশ টিকাইটে স্পষ্টভাৱে ঘোষণা কৰিছে যে উত্তৰ প্ৰদেশৰ মানুহে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আৰু সহ্য নকৰে।

উক্ত পঞ্চায়ততে অন্য এজন কৃষক নেতা বলবীৰ সিং ৰাজেৱালে উদ্দাত্ত কণ্ঠেৰে কয় যে চৰকাৰে ভোটৰ ৰাজনীতিৰ বাহিৰে একো বুজি নাপালে কৃষকে ভোটত আঘাত কৰিব অৰ্থাৎ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব। তেওঁৰ মতে কৃষকে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰাৰ বাবে পশ্চিমবংগত বিজেপি বিধ্বস্ত হ’ল।

আনহাতে কৃষক নেতাসকলে আগন্তুক বিধানসভাক লক্ষ্য কৰি উত্তৰ প্ৰদেশৰ প্ৰতিখন জিলাতে সংযুক্ত কিষাণ মৰ্চাৰ শাখা গঠন কৰিবলৈ অহা মাহত লক্ষ্ণৌত বৈঠক অনুষ্ঠিত কৰিব।

Mission UPৰ অংশ হিচাপে সংযুক্ত কিষাণ মৰ্চাই উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনক লক্ষ্য কৰি বিজেপিৰ বিৰুদ্ধে ৰাজ্যখনত আৰু অধিক তথা বৃহৎ পৰিমাণৰ কৃষক সমাৱেশো অনুষ্ঠিত কৰিব।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ প্ৰায় ১৪.০৫ কোটি ভোটাৰৰ ভিতৰত ৮ কোটিৰো অধিক কৃষক ভোটাৰ আছে। এই ৮ কোটি কৃষক ভোটাৰে বিজেপি বিৰুদ্ধে ভোটদান কৰিব বুলিও তেওঁলোকে স্পষ্টভাষাৰে প্ৰকাশ কৰিছে।

এই ৮ কোটি কৃষক ভোটাৰে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিলে উত্তৰ প্ৰদেশত বিজেপিয়ে ক্ষমতা হেৰুৱাটো প্ৰায় নিশ্চিত।

ইফালে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে দেশৰ কৃষক আন্দোলনৰ প্ৰতি সৰ্মথন ব্যক্ত কৰিছে উত্তৰ প্ৰদেশৰ প্ৰায়বোৰ বিৰোধী ৰাজনৈতিক দলে।

ইতিমধ্যে কংগ্ৰেছে আৰু সমাজবাদী পাৰ্টিয়ে কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন জনাই বিতৰ্কিত তিনি কৃষি আইন বাতিল দাবী কৰি আহিছে। এই তালিকাত এতিয়া চামিল হৈছে উত্তৰ প্ৰদেশৰ পূৰ্ব মুখ্যমন্ত্ৰী মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টি।

মায়াৱতীৰ বিএছপিৰ উত্তৰ প্ৰদেশৰ দলিত সম্প্ৰদায়সমূহৰ মাজত বিশেষ প্ৰভাৱ আছে। ইতিমধ্যে এক টুইটযোগে বিএছপিৰ নেত্ৰী মায়াৱতীয়ে কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে।

আনহাতে দেওবাৰৰ মহাপঞ্চায়তৰ সাফল্য দেখি উৎফুল্লিত হৈ পৰিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ সিং যাদৱে।

যাদৱে এক টুইটযোগে কয় পশ্চিম উত্তৰ প্ৰদেশৰ কৃষক, সাধাৰণ ৰাইজৰ অভূতপূৰ্ব সংহতিয়ে দেখুৱাই দিছে যে বিজেপিৰ দৰে অত্যাচাৰী, বিভাজনকাৰী, অহংকাৰী শক্তি আৰু কেতিয়াও ঘূৰি নাহে। তেওঁ লগতে ইয়াক বিজেপিৰ ধ্বংসৰ বিৰুদ্ধে জনমতৰ ঢৌ বুলিও অভিহিত কৰিছে।

উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনত ৮ কোটিৰো অধিক কৃষক ভোটাৰে বিজেপিৰ বিৰুদ্ধে অৱস্থান ল’ব পাৰে!

কৃষকসকলে বিজেপিৰ বিৰুদ্ধে অৱস্থান লৈ বিৰোধী ৰাজনৈতিক দলৰ সৈতে নতুন ৰণনীতিৰে নিৰ্বাচনত অৱতীৰ্ণ হ’লে আগন্তুক বিধান সভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপি ক্ষমতাচ্যুৎ হ’ব বুলিয়ে ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

প্রাঞ্জল দেউৰী

প্রাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

June 27, 2026 4:03 pm
ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বৃহৎ খবৰ! এতিয়াৰে পৰা কৃষক পৰিচয় পত্ৰৰে লাভ কৰিব চৰকাৰী আঁচনি আৰু ঋণৰ সুবিধা

ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বৃহৎ খবৰ! এতিয়াৰে পৰা কৃষক পৰিচয় পত্ৰৰে লাভ কৰিব চৰকাৰী আঁচনি আৰু ঋণৰ সুবিধা

June 27, 2026 3:55 pm
বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

June 27, 2026 3:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

June 27, 2026 4:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd