NORTHEAST NOW (Assamese)

কেঞ্চাৰত আক্ৰান্ত এগৰাকী দৰিদ্ৰ মহিলাক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

February 11, 2021 8:59 am · এন ই নাও নিউজ
Updated: February 11, 2021 9:05 am

কেঞ্চাৰত আক্ৰান্ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ এগৰাকী মহিলাক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।

বুধবাৰে এক ৰায় যোগে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্মৌ বিচাৰপীঠে কয় যে দৰিদ্ৰতাৰ বাবে চিকিৎসা খৰচ বহন কৰিব নোৱাৰা দৰিদ্ৰ এগৰাকী মহিলা কেঞ্চাৰ ৰোগীক লক্ষ্মৌ জৰ্জছ মেডিকেল বিশ্ববিদ্যালয়ে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব লাগিব।

এগৰাকী ফ্ৰীলান্স সাংবাদিক তথা নিৱনুৱা যুৱকৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এলাহাবাদ ন্যায়ালয়ৰ লক্ষ্মৌ বিচাৰপীঠে লগতে আৰু কয় কেঞ্চাৰত আক্ৰান্ত মহিলাগৰাকীৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত ডাঃ ৰামমোহন লোহিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স আৰু এছপিজিআইএম-এ সহযোগ আগবঢ়াব লাগিব।

ইয়াৰ লগতে অহা ২৪ মাৰ্চত মহিলাগৰাকীৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ সম্পূৰ্ণ তথ্য উচ্চ ন্যায়ালয়ত দাখিল কৰিবলৈ লক্ষ্মৌ বেঞ্চৰ ন্যায়াধীশ ডি কে উপাধ্যায় আৰু মানীষ কুমাৰে চিকিৎসা প্ৰতিষ্ঠানখনৰ অধীক্ষকক নিৰ্দেশ দিছে।

উল্লেখ্য যে চৌহাৰ্ড লক্ষণপাল নামৰ এগৰাকী ফ্ৰীলান্স সাংবাদিকে তেওঁৰ মাতৃৰ কেঞ্চাৰৰ বিনামূলীয়া চিকিৎসাৰ সেৱা বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল।

সেই আবেদনৰ শুনানিৰ পিছত এলাহাবাদ উচ্চ ন্যায়ালয়ে বুধবাৰে এই ৰায় প্ৰদান কৰে।

Related News