NORTHEAST NOW (Assamese)

উত্তৰপ্ৰদেশ : বিবাহত অমান্তি হোৱাৰ বাবেই প্ৰেয়সীক হত্যা!

March 8, 2021 6:44 pm · এন ই নাও নিউজ

বিবাহত অমান্তি হোৱাৰ বাবেই উত্তৰ প্ৰদেশত দেওবাৰে এটা নৃশংস ঘটনা সংঘটিত হৈছে।

উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এজন যুৱকে বিবাহৰ প্ৰস্তাৱত অমান্তি হোৱাৰ বাবে চুবুৰীৰে এজনী যুৱতী আৰু যুৱতীগৰাকীৰ মাকক হত্যা কৰে।

যুৱতীগৰাকীৰ বয়স ১৯ আৰু মাকৰ বয়স ৫০ বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

মাক-জীয়েকৰ উপৰিও সম্পৰ্কীয় আন এগৰাকী মহিলাও ঘটনাস্থলীত উপস্থিত আছিল আৰু তেওঁ আঘাটপ্ৰাপ্ত হৈছে।

যুৱকগৰাকীৰ স’তে যুৱতীগৰাকীৰ বন্ধুত্বমূলক সম্পৰ্ক আছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে।

তদুপৰি তেওঁলোকৰ এই সম্পৰ্কক লৈ দুয়োৰে পৰিয়ালৰ মাজত বিবাদ আছিল বুলি তেওঁলোকে কৈছে।

তদুপৰি যুৱতীগৰাকীৰ পৰিয়ালে দুসপ্তাহ পূৰ্বে যুৱতীগৰাকীৰ বিয়াও ঠিক কৰা হৈছিল বুলি তেওঁলোকে জনাইছে।

বৰ্তমান ধৃত অৱস্থাত থকা যুৱকগৰাকীক আৰক্ষীয়ে অনুসন্ধান কৰি আছে।

যুৱকগৰাকীৰ নাম গোবিন্দ বুলি আৰক্ষীসূত্ৰই জনাইছে।

Related News