আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ প্ৰাৰ্থীসকলে আজিৰে পৰা দাখিল কৰিছে মনোনয়ন পত্ৰ। আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত শিৱসাগৰ, থাওৰা আৰু আমগুৰি সমষ্টিৰ ছগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।
থাওৰা বিধান সভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰীৰ লগতে প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইয়ে মনোনয়ন পত্ৰ দাখিল কৰে।
আনহাতে আমগুৰি বিধান সভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী অংকিতা দত্তই মনোনয়ন পত্ৰ দাখিল কৰে। আমগুৰি সমষ্টিৰ অগপ বিজেপিৰ উমৈহতীয়া প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক অগপৰ প্ৰদীপ হাজৰিকাইও এক বৃহৎ শোভাযাত্ৰা কৰি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। আমগুৰিৰ উন্নয়ন দেখি এইবাৰ আমগুৰিবাসী ৰাইজে পুনৰ তেওঁক জয়ী কৰাব বুলি কয় বৰ্তমানৰ বিধায়ক প্ৰদীপ হাজৰিকাই।
ইপিনে আজি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী কাৰাৰুদ্ধ অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে মাতৃ প্ৰিয়দা গগৈসহ ৰাইজৰ দলৰ নেতৃত্বই।
কেইবাহাজাৰ ৰাইজৰ উপস্থিতিত এক বৃহৎ সমদল কৰি অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰা হয়। মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত ৰাইজক উৎসাহিত কৰিবলৈ অংশ গ্ৰহণ কৰিছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে। তেওঁ কয় যে এইবাৰ শিৱসাগৰবাসীৰ মৰম আৰু আৰ্শীবাদত অখিল গগৈ বিপুল ভোটত জয়ী হব।
আনহাতে অখিল গগৈ এইবাৰ নিৰ্বাচনত কোনো ফেক্টৰ নহয় বুলি বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে কৰা মন্তব্যক কটাক্ষ কৰি ৰাইজৰ দলৰ সমৰ্থক তথা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত অখিল গগৈৰ হৈ স্বতঃস্ফূ্ৰ্তভাৱে হাজাৰ হাজাৰ ৰাইজ ওলাই অহাত বিজেপিৰ কংগ্ৰেছৰ বুকু কঁপিছে বুলিহে মন্তব্য কৰে।
তেওঁ লগতে কয় কংগ্ৰেছ এতিয়া বিজেপিৰ বি টিম। অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে প্ৰাৰ্থীত্ব পোৱা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থী নিদিয়ে বুলি কৈছিল যদিও শিৱসাগৰত অখিল গগৈৰ বিপৰীতে কংগ্ৰেছ দলে প্ৰাৰ্থী প্ৰদান কৰি বিজেপি দলক সহায় কৰা বুলিও তেওঁ মন্তব্য কৰে।
আনহাতে শিৱসাগৰৰ প্ৰাক্তন পৌৰনেত্ৰী ৰূপা বড়াই শতাধিক সমৰ্থক লৈ নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰে।