পৰিয়ালৰ সদস্য বৃদ্ধিক লৈ উদ্বিগ্ন পিতৃ! দেউতাকৰ চাপ কমাবলৈ জ্যেষ্ঠ ভগ্নীয়ে হত্যা কৰিলে দুই ভগ্নীক

এটা পৰিয়াল। পত্নী আৰু পাঁচটা ল’ৰা-ছোৱালীৰ লগত কেনেকৈ সুখেৰে দিন কটাব পাৰি সেয়া লৈ পৰিয়ালটোৰ মূৰব্বী সহদেৱ সদায় চিন্তিত আছিল।কিন্তু বৃহস্পতিবাৰে মাজনিশা তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰা দুই নাবালক সন্তানৰ মৃতদেহ। ইয়াৰ পাছত অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হয়। তদন্তত আৰক্ষীয়ে প্ৰথমে গম পায় যে দুজন অচিনাকি ব্যক্তিয়ে ঘৰত প্ৰৱেশ কৰি সহদেৱৰ দুগৰাকী কন্যাক হত্যা কৰিছে। কিন্তু তদন্ত অব্যাহত থকাৰ লগে লগে জানিব পৰা গৈছে যে নাবালিকা দুগৰাকীক কন্যাই হত্যা কৰিছিল। উত্তৰ প্ৰদেশৰ গোহাৱৰ জয়ত গাঁৱত বৃহস্পতিবাৰে নিশা প্ৰায় ১২:৩০ বজাত সংঘটিত হয় এই ঘটনা। এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ বিৰুদ্ধে দুই নাবালিকাক হত্যাৰ অভিযোগ উত্থাপন হৈছে। নিহত দুগৰাকী ঋতু (৭) আৰু পবিত্ৰা (৫) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি সহদেৱে পত্নী সবিতা আৰু পাঁচটা সন্তানৰ সৈতে বাস কৰিছিল। সবিতাৰ ১৩ আৰু ৯ বছৰীয়া দুগৰাকী কন্যা সন্তান আছে। সবিতা আৰু প্ৰাক্তন স্বামী পুখৰাজৰ সন্তান দুজন। পুখৰাজৰ লগত বিচ্ছেদ ঘটাই সবিতাই সহদেৱৰ লগত বিয়া পাতিছিল। সহদেৱ আৰু সবিতাৰ তিনিটা সন্তান আছে — সাত আৰু পাঁচ বছৰীয়া দুগৰাকী কন্যা আৰু ডেৰ বছৰীয়া এজন পুত্ৰ।

সহদেৱৰ ঘৰৰ পৰা দুই নাবালকৰ মৃতদেহ উদ্ধাৰ হোৱাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। সবিতাৰ ১৩ বছৰীয়া কন্যাই আৰক্ষীক জনোৱা মতে, ঘৰত দুজন অচিনাকি ব্যক্তি প্ৰৱেশ কৰি ভগ্নী দুগৰাকীক ডিঙি চেপি হত্যা কৰি পলাই যায়। পিছলৈ অৱশ্যে তেওঁ নিজেই আচল ঘটনাটো আৰক্ষীক জনাইছিল। ছোৱালীজনীৰ মতে, সহদেৱ সদায় চিন্তিত আছিল যে কেনেকৈ পাঁচটা সন্তানক ডাঙৰ-দীঘল কৰিব, ইমান ডাঙৰ পৰিয়ালটো কেনেকৈ এককভাৱে পৰিচালনা কৰিব পাৰি। পৰিয়ালৰ সদস্যৰ সংখ্যা কমি গ’লে পিতৃৰ চিন্তাও কমি যাব বুলি ভাবি – ছোৱালীজনীয়ে ভগ্নী দুগৰাকীৰ ডিঙিত কাপোৰ বান্ধি ডিঙি চেপি হত্যা কৰে। সেই কথাই তেওঁ পুলিচক উল্লেখ কৰে। নাবালক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে।