Home › দেশ স্বাধীনতাৰ ৭৬ বছৰ পাছত প্ৰথমবাৰৰ বাবে মিৰ্জাপুৰৰ গাঁৱত লাগিল পানীৰ টেপ ! April 21, 2024 9:00 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated: April 21, 2024 8:27 pm পানীৰ অভাৱত ভোগা গাঁওবাসীয়ে লাভ কৰিলে পানীৰ টেপ৷ স্বাধীনতাৰ ৭৬ বছৰৰ পাছত উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ গাঁওবাসীয়ে লাভ কৰিলে সংযোগ। ইয়াৰ পূৰ্বে স্থানীয় লোকসকল পানীৰ বাবে কুঁৱাৰ ওপৰত নিৰ্ভৰ কৰিছিল। ২০২৩ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে লাহুৰীয়া দহা গাঁৱলৈ নলৰ পানী আহিছিল। দিব্যা মিট্টল সেইসময়ত জিলা দণ্ডাধীশ আছিল। লাহুৰীয়া দহা এখন পাহাৰৰ ওপৰত এখন ধুনীয়া গাঁও। মিৰ্জাপুৰ সদৰৰ পৰা দূৰত্ব ৪৯ কিলোমিটাৰ। গাঁৱখনত মাত্ৰ ১২০০ জন লোকহে বাস কৰে। ৭৬ বছৰ আগৰে পৰা তেওঁলোকে ওচৰৰ কুঁৱাৰ পানী ব্যৱহাৰ কৰিছিল।য’ত গৰমত পানী শুকাই গৈছিল। তেতিয়া স্থানীয় লোকে পানীৰ টেংকাৰ ক্ৰয় কৰিছিল। গাঁওখনৰ বাসিন্দা কুশলেন্দ্ৰ গুপ্তাই কয় যে, ইয়াৰ পূৰ্বে আয়ৰ এক বৃহৎ অংশ পানী ক্ৰয়ৰ বাবে ব্যয় কৰা হৈছিল। আনকি ১০ বছৰ আগতেও ইয়ালৈ পানী অনাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু পৰিকল্পনাৰ অভাৱত বন্ধ হৈ গ’ল। এই গাঁওখন জল জীৱন প্ৰকল্পৰ অংশও নাছিল। গাঁওখনৰ আন এজন বাসিন্দা জীৱনলাল যাদৱে কয় যে তেওঁ আগতে ভৈয়ামত গাখীৰ বিক্ৰী কৰিছিল। তাৰ পাছত তাৰ পৰা পানী আনিছিল। যোৱা ২০-২৫ বছৰে গাঁওখনলৈ পানীৰ টেংকাৰ আহিছিল। আগতে বহুত খৰছ কৰি তাৰ পৰা পানী কিনিছিল। পানীক লৈ বাসিন্দাসকলৰ মাজত সঘনাই কাজিয়া চলিছিল। জীৱনলালে কয় যে পূৰ্বৰ প্ৰকল্পটোত ৪ কোটি ৮৭ লাখ টকা খৰচ হৈছিল। কিন্তু পানী নাহিল। ইয়াৰ পাছত তেওঁলোকে জিলা দণ্ডাধীশৰ ওচৰত আবেদন জনায়। প্ৰশাসনৰ লগত কথা পাতি পৰিকল্পনা গৃহীত কৰে।বৰ্তমানৰ প্ৰকল্পৰ বাবে ১০ কোটি টকা আবণ্টন দিয়া হৈছে। বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু কেন্দ্ৰৰ জলজীৱন প্ৰকল্পৰ বিশেষজ্ঞসকলে গাঁওখন পৰিদৰ্শন কৰে।তাৰ পাছতে চৰকাৰে এই পৰিকল্পনা গৃহীত কৰে। ইয়াৰ পাছত কাম আৰম্ভ হয়। ২০২৩ চনৰ ৩১ আগষ্টত গাঁওখনলৈ পানী আহে।বৰ্তমান জলজীৱন প্ৰকল্পৰ অধীনত যোগানৰ কাম চলি আছে। ‹ অৰবিন্দ কেজৰিৱালক জেলত হত্যাৰ ষড়যন্ত্ৰ চলিছে-অভিযোগ পত্নী… ইতিহাস! দবাত কনিষ্ঠতম খেলুৱৈ হিচাপে বিশ্ব চেম্পিয়নক… › Related Newsই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…July 7, 2026 2:43 pm · এন ই নাও নিউজ, গুৱাহাটী৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰJuly 7, 2026 2:21 pm · এন ই নাও নিউজ, গুৱাহাটীন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”July 7, 2026 1:27 pm · এন ই নাও নিউজ, গুৱাহাটী‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰJuly 7, 2026 1:26 pm · এন ই নাও নিউজ, গুৱাহাটী তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়েJuly 7, 2026 12:21 pm · এন ই নাও নিউজ, গুৱাহাটী