ই ভি এমৰ সলনি নিৰ্বাচন আয়োগক পেপাৰ বেলট প্ৰৱৰ্তন কৰাৰ আহ্বান উপমন্যু হাজৰিকাৰ

মানুহে ভোট দিছে, ই ভি এমত অহা নাই, এইটো চিধা কথা, বিজেপিৰ জ্যেষ্ঠ নেতাইয়ো মই ১ লাখ ভোট পাম বুলি কৈছিল : হাজৰিকা

d4b222ca-e3cd-49cb-9770-401acf539a25

দেওবাৰে গুৱাহাটীত উপমন্যু হাজৰিকাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

‘মানুহে ভোট দিছে, ই ভি এমত অহা নাই, এইটো চিধা কথা।‘ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ২১,০০০ ভোট লাভ কৰি পৰাজিত হোৱা গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই ‘ই ভিএম’ত ভোটগ্ৰহণ পদ্ধতিৰ ওপৰত সন্দেহ প্ৰকাশ কৰি সংবাদমেলত এইদৰে কয়।

আজি উজানবজাৰস্থিত প্ৰব্ৰজন বিৰোধী মঞ্চৰ মুখ্য কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি হাজৰিকাই নিৰ্বাচনত পৰাজয় বৰণ কৰাক লৈ তেওঁৰ কোনো আক্ষেপ নাই বুলি মন্তব্য কৰে।

তেওঁ লগতে কয়, ‘’গুৱাহাটী লোকসভা সমষ্টিত মুঠ ১৭,৬৩,৭৫৭ টা ভোট প্ৰদান হোৱাৰ বিপৰীতে আমি মাত্ৰ ২১,১১৪ টা ভোট লাভ কৰিছো যিটো শতকৰা হাৰ  ১.২%। আমি আমাৰ শতাধিক সতীৰ্থই  প্ৰায় ৪০ দিনতকৈ অধিক সময় চলোৱা নিৰ্বাচনী প্ৰচাৰ অভিযানত যি সহানুভূতি আৰু সহযোগিতা পাইছিলো, তাৰ তুলনাত  এই ভোটৰ সংখ্যাটো তেনেই নগণ্য।‘’

তদুপৰি, নিৰ্বাচনী প্ৰচাৰত স্বতঃস্ফূৰ্তভাবে বহুলোকে হাজৰিকাক সহাঁৰি জনোৱা বুলি দাবী কৰি তেওঁ কয়, ‘’বহু লোকে নিজাববীয়াকৈ প্ৰচাৰ অভিযান চলাইছিল। এনে ক্ষেত্ৰত এই নিম্ন সংখ্যক ভোট পোৱাতো, ভোট প্ৰদান কৰা আমাৰ সমৰ্থক আৰু আমাৰ সতীৰ্থ সকলৰ কাৰণে আশ্ব্যৰ্যজনক।‘’

ইপিনে, উক্ত সংবাদমেলতে তেওঁ কিছুমান উদাহৰণ দাঙি ধৰি কয়, ‘‘আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী কাৰ্যালয়টো পূব গুৱাহাটী সমষ্টিতেই আছে। আমি দৈনন্দিন সেই সমষ্টিৰ পৰা ৰাইজৰ সহযোগিতা পাই আছিলো আৰু তাত ভোটাৰ ৰাইজে জনোৱা তথ্যতকৈ বহুত কম ভোট (৪৬৮৯ টা মাত্ৰ) পোৱা হৈছে। এইটো কেৱল এটা সমষ্টিৰহে আৰু বাকী সকলো সমষ্টিৰ পৰাই আমি একে ধৰণৰ সহযোগিতা পাইছোঁ।‘’

‘’প্ৰায় ৯০%তকৈ অধিক ইভিএমত মোৰ নামত ভোট প্ৰদান কৰিছে, সমষ্টিৰ প্ৰায়ভাগ এলেকাত  সমান্তৰালভাবে এটাৰ পৰা ১০ টালৈ ভোট প্ৰদান কৰিছে । সকলো অঞ্চলতেই ৰাইজৰ সঁহাৰি আছে আৰু কিছু ঠাইত ভোট প্ৰদানৰ সংখ্যা আৰু অধিক হ’ব লাগিছিল।‘’ সংবাদমেলত হাজৰিকাৰ দাবী।

তদুপৰি, বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা ১ লাখতকৈও অধিক ভোট পাব বুলি হাজৰিকাক কোৱাৰ কথাও তেওঁ সংবাদমেলত উল্লেখ কৰে।

‘’বিজেপিৰ এজন জ্যেষ্ঠ নেতা, মই নাম নকওঁ, তেওঁ আমি মনোনয়ন দাখিল কৰাৰ পাছত স্বয়ং কৈছিল ১ লাখৰ পৰা ২ লাখ ভোট আহিব। নিৰ্বাচন হৈ যোৱাৰ পাছত তেওঁ আমাক তাতকৈয়ো অধিক ভোট পৰিব বুলি কৈছিল,‘’-সংবাদমেলত হাজৰিকাৰ মন্তব্য।

আনহাতে, ঐতিহাসিকভাৱে গুৱাহাটী লোকসভা সমষ্টিৰপৰা কেৱল দুবাৰহে অৰ্থ্যাৎ ১৯৫১ চন আৰু ১৯৭১ চনৰ নিৰ্বাচনত কেন্দ্ৰত থকা শাসকীয় দলৰ প্ৰাৰ্থী নিৰ্বাচিত হৈছিল বুলিও তেওঁ কয়।

‘’১৯৭১ চনৰ পাছত এতিয়ালৈকে যোৱা ৯টা নিৰ্বাচনত শাসকীয় দলৰ প্ৰাৰ্থী নিৰ্বাচিত হোৱা নাই,’’-দাবী হাজৰিকাৰ।

ওপৰোক্ত তথ্য সমূহ দাঙি ধৰি ‘ই ভি এম’ প্ৰক্ৰিয়াটোৱেই ‘সন্দেহজনক’ বুলি আখ্যা উপমন্যু হাজৰিকাৰ।

‘’এই তথ্য সমূহ চালে ইভিএমটো এটা সঠিক ভোট প্ৰদানৰ মাধ্যম হোৱাৰ ওপৰত সন্দেহ ওপজে। আন্তঃৰাষ্ট্ৰীয় স্তৰত বহুখিনি শক্তিশালী গণতান্ত্ৰিক দেশ যেনে ইউ কে, ইউ এছ এ, ফ্ৰান্স, জাৰ্মানী ইত্যাদিত ইভিএম নিষিদ্ধ কৰিছে। ভাৰতবৰ্ষতো এই ক্ষেত্ৰত বহুতো দলে ইভিএমৰ বিৰোধিতা কৰিছে আৰু এই বিষয় লৈ ৰাজহুৱাভাবে দুয়ো পক্ষত তৰ্ক বিতৰ্ক চলি আছে।‘ ই. ভি. এমৰ পৰিৱৰ্তে এই ক্ষেত্ৰত এনে পেপাৰ বেলটৰ ব্যৱস্থাইহে নিৰ্বাচনী প্ৰক্ৰিয়াত সকলোৰে বিশ্বাস বজাই ৰাখিব পাৰিব বুলি হাজৰিকাই দাবী কৰে।

এই সম্পৰ্কত হাজৰিকাই ‘পেপাৰ বেলট’ পদ্ধতি প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনাই নিৰ্বাচন আয়োগলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিব বুলিও সংবাদমেলযোগে সদৰী কৰে।