NORTHEAST NOW (Assamese)

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

June 16, 2025 6:58 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 16, 2025 7:01 pm

ইউনিফাইড পেমেন্ট ইণ্টাৰফেচ (UPI) ব্যৱস্থাৰ জৰিয়তে লেনদেন এতিয়া আগৰ তুলনাত আৰু বেছি সহজ আৰু দ্ৰুত হ’ব। ৰাষ্ট্ৰীয় পেমেন্ট কৰ্পৰেশ্যন অৱ ইণ্ডিয়াই (NPCI) ঘোষণা কৰিছে যে, ১৬ জুন সোমবাৰৰ পৰা ইউপিআই লেনদেনৰ গতি আৰু কার্যক্ষমতা বৃদ্ধি কৰা হৈছে।

পূৰ্বে, ইউপিআইৰ জৰিয়তে ধন পঠোৱাৰ পাছত লেনদেন সম্পন্ন হ’বলৈ প্ৰায় ৩০ ছেকেণ্ড সময় লাগিছিল। কিন্তু এই পৰিৱর্তনৰ পাছত, লেনদেন ১০-১৫ ছেকেণ্ডৰ ভিতৰতে সম্পূৰ্ণ হ’ব। লগতে, ইউপিআই আইডি ভেৰিফিকেশ্যনতো সময় ১০ ছেকেণ্ডলৈ হ্ৰাস হ’ব।

এই পৰিৱর্তনৰ লগে লগে গ্ৰাহকসকলে যিকোনো UPI এপ ব্যৱহাৰ কৰি নিজৰ বেংক একাউণ্টৰ বেলেঞ্চ জানিব পাৰিব, যদিও এতিয়া এদিনত মাত্ৰ ৫০ বাৰ এই সুবিধা গ্ৰহণ কৰিব পাৰিব। পূৰ্বে এই সীমা বান্ধি দিয়া নাছিল।

ইউপিআইৰ ওপৰত এতিয়া কোটি কোটি টকাৰ দৈনিক লেনদেন নিৰ্ভৰ কৰি আছে। বহু লোক একেলগে ব্যৱহাৰ কৰাৰ ফলত ব্যৱস্থাটোৰ ওপৰত প্ৰচণ্ড চাপ পৰে। ইয়াৰ ফলত লেনদেনত বিঘিনি, বিলম্ব বা ধন আবদ্ধ হৈ থকাৰ সমস্যাও দেখা দিছিল। এই সমস্যাবোৰ দূৰ কৰি, গ্ৰাহকসকলক অধিক সুবিধা দিবলৈ চৰকাৰে ইউপিআই লেনদেন অধিক গতিৱান আৰু সুশৃংখল কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

Related News