• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 16, 2025 7:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হৈছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰক্ষী আধুনিকীকৰণৰ বাবে দিয়া পুঁজিৰ সঠিক ব্যৱহাৰ হোৱা নাই। ২০১৮ চনৰ পৰা ২০২৪ চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে আৰক্ষী বিভাগ আধুনিকীকৰণৰ বাবে ১২৫.৯৯ কোটি টকাৰ অনুমোদন দিছিল যদিও ডাবোল ইঞ্জিনৰ চৰকাৰখনে এই শিতানত ১৮.৮৮ কোটি টকাহে মুকলি কৰি দিছে। যাৰবাবে ৰাজ্যখনৰ ৮ খন থানা আৰু ১২ খন আৰক্ষী চকী সম্পূৰ্ণৰূপে অচল হৈ পৰিছে।

আজি এক সংবাদমেলত এই তথ্য দাখিল কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৩ চনত বঙাইগাঁও জিলাত অনুষ্ঠিত আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত ৰাজ্যখনৰ সংবেদনশীল আৰু সংখ্যালঘু বসতি প্ৰধান আৰক্ষী চকীসমূহ থানালৈ উন্নীত কৰাৰ আৰু পৰ্যায়ক্ৰমে সকলো বজাৰ আৰক্ষী চকীক থানালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু বিগত দুবছৰত এই ঘোষণা বাস্তবায়িত নহ’ল। কেন্দ্ৰীয় চৰকাৰৰ এএছএমপিএফ আঁচনিখন সঠিক ৰূপায়ণ নোহোৱা বাবে আৰক্ষী আধুনিকীকৰণ সম্পূৰ্ণ নহ’ল। বৰাই মৈত্ৰী আঁচনিখন বিগত দুবছৰ ধৰি ৰূপায়ণ নোহোৱা বাবে বহু থানা এতিয়াও জৰাজীৰ্ণ হৈ আছে বুলি উল্লেখ কৰে।

Apply Now

২০১৮-১৯ৰ পৰা ২০২৪-২৫ৰ সময়ছোৱাৰ ভিতৰত ১১২খন থানাৰ নতুন গৃহ নিৰ্মাণ কৰা হ’ল যদিও ২০২৩-২৪ আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত এটকাও মুকলি কৰি দিয়া হোৱা নাই। যাৰ ফলস্বৰূপে ৰাজ্যখনৰ ৮ খন থানা আজিও অচল আৰু ১২খন আৰক্ষী চকী নামতহে চলি আছে। কাছাৰ জিলাৰ ৩খন থানা অচল হৈ থকাৰ লগতে কাছাৰ, কোকৰাঝাৰ আৰু চিৰাঙৰ দুখন থানা সম্পূৰ্ণ অচল হৈ পৰিছে। চিৰাং, ডিমাহাছাও, ডিব্ৰুগড়, কৰিমগঞ্জ, নগাঁও, তিনিচুকীয়া আদি জিলাত কেবাখনো আৰক্ষী চকী কাগজে-পত্ৰইহে আছে। যাৰ বাবে মুখ্যমন্ত্ৰীয়ে ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, দক্ষিণ শালমাৰা, গোৱালপাৰা, কৰিমগঞ্জ আদি জিলাত সাধাৰণ ৰাইজক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা ঘোষণা কৰিছে।

আৰক্ষীৰ অধুনিকীকৰণত থকা দুৰ্বলতাৰ বাবে মুখ্যমন্ত্ৰীয়ে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদানত ব্যৰ্থ হোৱা বাবে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিবলগীয়া হৈছে বুলি বৰাই উল্লেখ কৰে।

ইফালে, ২০২৪-২৫ চনৰ বাজেটত ১৪৩৬০৬ কোটিৰ মুঠ বাজেটৰ পৰা ৭৩২৩৮ কোটি টকা অব্যৱহৃত হৈ আছে। অসম কাৰাগাৰ আৰু আৰক্ষী থানাৰ ৫১ শতাংশ পুঁজি এইদৰে অব্যৱহৃত হৈ আছে বুলি বৰাই উল্লেখ কৰে।

এই পুঁজিৰ সিংহভাগেই কেন্দ্ৰীয় চৰকাৰৰ অনুদান আৰু ঋণৰ অংশ। এই ধন বৰ্তমান ব্যৱহাৰ কৰিব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰক ঘূৰাই দিব লাগিব। বৰাই কয় যে, গৃহ বিভাগ পৰিচালনাত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰীয়ে গড়কাপ্তানি বিভাগৰ জৰিয়তে উৰণীয়া সেতু নিৰ্মাণত অভিলেখ ৰচনা কৰিছে আৰু হাজাৰ হাজাৰ কোটি টকা ফ্লাই অভাৰ নিৰ্মাণত ব্যৱহাৰ কৰিছে।

এই বিষয়ে সবিশেষ তথ্য দাখিল কৰি বৰাই কয় যে কমিছনৰ বাবেই ফ্লাই অভাৰ নিৰ্মাণত গুৰুত্ব দিয়া মুখ্যমন্ত্ৰীজনক অসমৰ ৰাইজে সেইবাবে ফ্লাইঅভাৰৰ চিএম বুলি আখ্যা দিয়ে। আজিৰ সংবাদমেলত সংবাদ মাধ্যম বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসো উপস্থিত থাকে।

Tags: BJP ASSAMFLYOVERHimanta Biswa SharmaINDIAN NATIONAL CONGRESS
নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd