NORTHEAST NOW (Assamese)

উপ নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে ইউ পি পি এল দলে, দুই সমষ্টিত প্ৰাৰ্থী ঘোষণা

October 3, 2021 3:48 pm · ৰিনয় বসুমতাৰী,কোকৰাঝাৰ

উপ নিৰ্বাচনৰ দিন ঘোষিত হোৱাৰ পিছতে তৎপৰতা বৃদ্ধি পাইছে বি টি আৰ শাসকীয় দল ইউ পি পি এলৰ।

অন্যান্য দলতকৈ আগতে আজি কোকৰাঝাৰত ঘোষণা কৰিলে ২৮ নং গোঁসাইগাঁও আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম।

২৮ নং গোঁসাইগাঁও সমষ্টিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰা হৈছে জিৰন বসুমতাৰীক আৰু ৫৮ নং তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভূক্ত হ’ল জ্বলেন দৈমাৰী।

কোকৰাঝাৰ জে ডি ৰোডস্থিত কেন্দ্ৰীয় দলীয় কাৰ্যালয়ত আজি সংবাদমেল সম্বোধন কৰি দুয়োটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে ইউ পি পি এলৰ কাৰ্যকৰী সভাপতি ৰৌনগৌৰা নাৰ্জাৰীয়ে।

দলৰ সাধাৰণ সম্পাদক মাউটি ব্ৰহ্ম হাজোৱাৰী, বিধায়ক লৰেঞ্চ ইছলাৰী আৰু পৰিষদীয় সদস্য মাধৱ চেত্ৰীয়ে অংশগ্ৰহণ কৰা সংবাদমেলত দলীয় কাৰ্যকৰী সভাপতি ৰৌনগৌৰা নাৰ্জাৰীয়ে সদৰী কৰা মতে ইউ পি পি এলে বিজেপি আৰু জি এছ পি মিত্ৰজোঁট দলৰ সৈতে আলোচনা কৰিহে আজি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

দুয়োটা সমষ্টিতে ইউ পি পি এলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি দাবী কৰি ভৱানীপুৰ সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও তেওঁ জনায়।

Related News