দুৰ্নীতি-অনিয়মৰ ভূ-স্বৰ্গত পৰিণত নাম্বাৰপাৰা-চাকলা সমবায় সমিতি : বছৰেকীয়া সাধাৰণ সভাত উত্তেজনা

Kokila

বুধবাৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত নাম্বাৰপাৰা-চাকলা সমবায় সমিতিৰ বছেৰেকীয়া সাধাৰণ সভা চলি থকাৰ মাজতে অধিকাংশ ৰাইজে সভা বৰ্জন কৰি ওলাই যোৱাক অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে চাকলা প্ৰাথমিক বিদ্যালয়ত প্ৰাংগনত সমবায় সমিতিখখনৰ সভাপতি আবেদ আলী খানৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত প্ৰথম অৱস্থাৰ পৰাই বিভিন্ন বাক-বিতণ্ডা আৰম্ভ হয়। সভাত উপস্থিত থকা একাংশই সমবায় সমিতিখনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এক  হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে। ইয়াৰ পিছত সভাকক্ষৰ বাহিৰত গৈ তেওঁলোকে কমিটিখনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে অভিযোগ কৰা মতে সমবায়ৰ পৰিচালনা সমিতিয়ে কোনো ধৰনৰ নিয়োগ জাননি নিদিয়াকৈ, সমবায় আইন উলংঘা কৰি ৰহস্যজনক ভাবে নাম্বাৰপাৰা-চাকলা সমবায় সমিতিৰ সহ-সম্পাদক হিচাপে আলী আহমেদক নিযুক্তি দিয়ে।

ইয়াৰ উপৰি কমিটিখনে বিভিন্ন ধৰণৰ দুৰ্নীতি, অনিয়ম সংঘটিত কৰি সমবায় সমিতিৰ লাখ-লাখ টকা অপচয় কৰি অহাৰ অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ তদন্তৰ দাবী জনায়। আনহাতে সমবায় সমিতিখনৰ সভাপতি আবেদ আলী খানে প্ৰতিবাদকাৰী সকলৰ অভিযোগ নস্যাৎ কৰি কয় যে যিসকলে সভাত হুলস্থুল কৰিছে তাৰ বেছিভাগেই সমবায়ৰ অংশীদাৰ নহয়, সেইবাবে তেওঁলোকক ‌সভাৰ পৰা উলিয়াই দিয়া হৈছে।

তদুপৰি সম্প্ৰতি জেলত থকা কমিটিৰ পৰা বহিস্কৃত তোফাজ্জেল হুছেইনৰ আত্মীয় তথা একাংশ দূষ্ট চক্ৰই সমবায়খনৰ উন্নতিৰ ক্ষেত্ৰত ব্যাঘাত জন্মোৱাৰ বাবে এনে ধৰনৰ হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে বুলি তেওঁ মন্তব্য কৰে।

অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে এইটো স্পষ্ট যে বৰ্তমানৰ পৰিচালনা সমিতিৰ বিভাজন, পূৰ্বৰ সম্পাদক তোফাজ্জেল হুছেইনৰ অবাধ দুৰ্নীতি, বিভাগীয় কৰ্তৃপক্ষৰ সোপাধিলা নীতিৰ বাবে নাম্বাৰপাৰা-চাকলা সমবায় সমিতিখন আন সমবায় সমিতিৰ লগত সংলগ্ন কৰি দিয়া হৈছে, বিধানসভা তদন্ত সমিতিয়ে তদন্ত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা কাৰ্য্যত ইয়াৰ অংশীদাৰ সকল অতিষ্ঠ হৈ পৰিছে।