NORTHEAST NOW (Assamese)

UPSC ত ওলাইছে চাকৰি, সাংবাদিকতাৰ অভিজ্ঞতা থকাসকলে কৰিব পাৰিব আবেদন?

July 26, 2021 3:12 pm · এন ই নাও নিউজ

কেন্দ্ৰীয় লোকসেৱা আয়োগত ওলাইছে চাকৰি।ভাৰতীয় তথ্য সেৱাৰ  ৩৪ টা জ্যেষ্ঠ পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে।এই পদসমূহৰ মাজৰে দুটা পদ বিশেষ ভাবে সক্ষম লোকৰ বাবে সংৰক্ষিত।

ভাৰতীয় তথ্য সেৱাৰ  গ্ৰুপ বিৰ অধিনষ্ঠ এই পদ কেইটাত স্থায়ী ভিত্তিত প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ’ব। মুঠ ১০ টা ভাষাৰ বাবে এই পদত নিযুক্তি দিয়া হ’ব।

সেই ভাষা কেইটা হৈছে ক্ৰমে হিন্দী,ইংৰাজী,পাঞ্জাৱী,ওড়িয়া,তেলেগু,বাংলা,মাৰাথী, গুজৰাটী,অসমীয়া আৰু মণিপুৰী।

কোনে কৰিব পাৰিব আবেদন?

এই পদত আবেদন কৰিবলৈ প্ৰাৰ্থীৰ নূন্যতম শিক্ষাগত অৰ্হতা যিকোনো শাখাৰ স্নাতক হ’ব লাগিব।

ইয়াৰ লগতে সাংবাদিকতাৰ ডিপ্ল’মা অথবা পোষ্ট গ্ৰেজুৱেট ডিপ্ল’মা থাকিব লাগিব।প্ৰাৰ্থীৰ সাংবাদিকতাৰ কমেও দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

প্ৰতিটো ভাষাৰ ভিত্তিত প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ’ব।কোনো এটা ভাষাৰ পদৰ ক্ষেত্ৰতে বিশেষ কোনো সংৰক্ষণৰ ব্যৱস্থা নাথাকিব।প্ৰাৰ্থীৰ সৰ্বোচ্চ বয়স ৩০ বছৰ।

এই পদৰ বাবে অনলাইন আবেদনৰ অন্তিম তাৰিখ ১২ আগষ্ট, ২০২১।

প্ৰাৰ্থীয়ে https://upsconline.nic.in/ লৈ গৈ আবেদনৰ সবিশেষ জানিবলৈ সক্ষম হ’ব।

Related News