• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
May 19, 2022 6:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জাপানীজ এনকেফেলাইটিছ আৰু অন্য এনকেফেলাইটিছ জনিত ৰোগ প্ৰতিৰোধ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ এখন জৰুৰী সভা অনুষ্ঠিত হৈ যায়।

সভাত জাপানীজ এনকেফেলাইটিছ বা আন এনকেফেলাইটিছ জনিত ৰোগৰ প্ৰাদুৰ্ভাৱ নহ’বলৈ তদাৰক আৰু নিৰীক্ষণ কৰাৰ লগতে প্ৰতিৰোধ কৰা সম্পৰ্কে উপস্থিত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শ্যামল ক্ষেত্ৰ গগৈ,জিলা টাস্ক ফোৰ্চৰ অন্তৰ্গত স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, পশুপালন, মীন উন্নয়ন, সমাজ কল্যাণ, শিক্ষা, পৌৰসভা আদি বিভাগৰ বিষয়াসকলৰ লগত পৰ্যালোচনা কৰা হয়।

যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা:পৰমেশ কুমাৰ ৰয়ে কয় যে জাপানীজ এনকেফেলাইটিছ বা অন্য এনকেফেলাইটিছ জনিত ৰোগৰ প্ৰাদুৰ্ভাৱ নহ’বৰ বাবে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা পুস্তিকা বিতৰণ আৰু আশাকৰ্মীৰ জৰিয়তে তেওঁলোকৰ এলেকাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰা হ’ব।জাপানীজ এনকেফেলাইটিছ বা আন এনকেফেলাইটিছ জনিত ৰোগ সাধাৰণতে গাহৰিৰ পৰা মানুহৰ গালৈ বিয়পে।

গতিকে জিলাখনৰ যি যি অঞ্চলত গাহৰি পালন কৰা হয় সেইবিলাকত গাহৰি পাম বাসগৃহৰ পৰা নিৰ্দিষ্ট দূৰত্বত স্থাপন কৰা আৰু গাহৰিক উক্ত ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান আদিৰে পশুপালন বিভাগৰ তৰফৰ পৰা ব্যৱস্থা কৰা হ’ব বুলি জিলা পশুপালন বিষয়াই জানিবলৈ দিয়ে। আনহাতে উপায়ুক্ত নৱদ্বীপ পাঠকে পৌৰসভাৰ তৰফৰ পৰা পৌৰসভা এলেকাত গধূলি সময়ত ধোঁৱা দিয়া,নলা পৰিস্কাৰ কৰা আৰু মীন উন্নয়ন বিভাগৰ সহযোগত নলাসমূহত গাপী মাছৰ পোৱালী সিঁচি ম’হৰ বংশ বৃদ্ধি ৰোধৰ ব্যৱস্থা কৰিবলৈ তেওঁ পৌৰসভাৰ পৌৰপতি আৰু জিলা মীন উন্নয়ন বিষয়াক পৰামৰ্শ দিয়ে। তদুপৰি সমাজ কল্যাণ বিভাগৰ অংগনৱাডী কৰ্মীসকলৰ জৰিয়তে কেন্দ্ৰলৈ শিশুসকলক লৈ অহা অভিভাৱকসকলৰ মাজত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায়।

লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শকক স্কুলবিলাকত ছাত্ৰ-ছাত্ৰীসকলক জাপানীজ এনকেফেলাইটিছ ৰোগৰ বিৰুদ্ধে সজাগ কৰা আৰু তেওঁলোকৰ জৰিয়তে ওচৰ-চুবুৰীয়াৰ মাজতো এই সম্পৰ্কত সজাগতা সৃষ্টি কৰাৰ বাবে উপায়ুক্তগৰাকীয়ে পৰামৰ্শ দিয়ে।বিভিন্ন বিভাগক লৈ কৰ্মশালা অনুষ্ঠিত কৰা, হাইস্কুল পৰ্যায়ত চেমিনাৰ বা তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা আদিও জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধমূলক ব্যৱস্থা হ’ব পাৰে বুলিও উপায়ুক্ত পাঠকে উল্লেখ কৰে ৷

জিলা টাস্ক ফোৰ্চৰ সভাত জিলা মেলেৰীয়া বিষয়া ডাঃ ইমদাদুল ইছলাম খান আৰু জিলা বাহকজনিত ৰোগ পৰামৰ্শদাতা ধ্ৰুৱ চৌধুৰীও উপস্থিত থাকে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd