NORTHEAST NOW (Assamese)

সামান্থাৰ সলনি ‘পুষ্পা: দ্য ৰুল’ৰ আইটেম ছঙত নৃত্যৰ বাবে কিমান পাৰিশ্ৰমিক ল’ব উৰ্বশীয়ে?

July 9, 2023 2:08 pm · এন ই নাও নিউজ, গুৱাহাটী

সম্প্ৰতি বহু প্ৰত্যাশিত ছবি ‘পুষ্পা: দ্য ৰাইজ’ৰ দ্বিতীয় খণ্ড ‘পুষ্পা: দ্য ৰুল’ৰ শ্বুটিং চলি আছে। এই চিনেমাখনৰ প্ৰথম খণ্ডৰ সফলতাত আল্লু অৰ্জুন-ৰশ্মিকা মন্দনাৰ যিমান অৱদান, সিমানেই অৱদান আছিল ‘উ অন্তাভা’ গীতটোৰো।

কেৱল গীতৰ কথা বা সুৰেই নহয়, দক্ষিণৰ নায়িকা সামন্ত ৰুথ প্ৰভুৰ নৃত্যৰ আবেদনে দেশ-বিদেশৰ অনুৰাগীৰ মাজত বৃহৎ উন্মাদনাৰ সৃষ্টি কৰিছিল।

নৃত্যৰতা উৰ্বশী। ফাইল ফটো।

জানিব পৰা গৈছে যে ছবিখনৰ দ্বিতীয় খণ্ডৰ আইটেম নম্বৰত দেখা যাব বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলাক। সেই ৩ মিনিটৰ ‘উ অন্তাভা’ গীতটোৰ বাবে সামন্থাই প্ৰায় ৫ কোটি টকাৰ পাৰিশ্ৰমিক লৈছিল।

অৱশ্যে প্ৰথমে এই প্ৰস্তাৱ নাকচ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। অৱশেষত তেওঁ আল্লু অৰ্জুনৰ অনুৰোধত আইটেম নম্বৰ কৰিবলৈ মান্তি হয় ।

নৃত্যৰতা উৰ্বশী। ফাইল ফটো।

আনহাতে, উৰ্বশীক বলীউডত ‘আইটেম গাৰ্ল’ বুলিয়েই জনা যায়। তেওঁৰ কেইবাটাও হিট নম্বৰো আছে। এতিয়া শুনা গৈছে যে এই চিনেমাখনৰ দ্বিতীয় খণ্ডত তেওঁৰ বিশেষ নৃত্য এটা আছে। বাতৰি অনুসৰি উৰ্ৱশীয়ে গীতটোৰ বাবে প্ৰায় ৬ কোটি টকা পাৰিশ্ৰমিক বিচাৰিছে।

নৃত্যৰতা উৰ্বশী। ফাইল ফটো।

ইপিনে, ‘পুষ্পা ২’ ত ৰণবীৰ সিঙকো দেখা যাব বুলি শুনিবলৈ পোৱা গৈছে। এতিয়ালৈকে আল্লু অৰ্জুন আৰু চিনেমাখনৰ টীমটোৱে দেশৰ একাধিক স্থানত শ্বুটিং কৰিছে। অহা বছৰৰ মে’ মাহৰ ভিতৰত ছবিখন মুক্তি পোৱাৰ কথা।

Related News