NORTHEAST NOW (Assamese)

পন্তৰ বাবে ভাঙিছিল মন! ভাৰত-পাক মেচত উৰ্বশীয়ে হেৰুৱালে ২৪ কেৰেট সোণৰ আইফ’ন

October 16, 2023 10:37 am · এন ই নাও নিউজ, গুৱাহাটী

আজি ডেৰ বছৰ ধৰি ঋষভ পন্তৰ প্ৰেমত উৰ্বশী ৰাওটেলা মচগুল হৈ পৰাৰ কথা শুনিবৈ পোৱা গৈছে। কেতিয়াবা ক্ৰিকেট মেচ চাই থাকোঁতে অকপট মন্তব্যৰ বাবে আৰু কেতিয়াবা স্বভংগীমাৰ ষ্টেটমেন্ট দিয়াৰ বাবে শিৰোনামলৈ আহিছে অভিনেত্ৰীগৰাকী। ঋষভৰ সৈতে প্ৰেমৰ জল্পনা-কল্পনাৰ পথ মুকলি নোহোৱাৰ পিছত পাকিস্তানী ক্ৰিকেটাৰ নাছিম শ্বাহত মন দিয়াৰ কথাও কৈছিল উৰ্বশীয়ে।

কিন্তু এই মন দি মন নোপোৱাৰ বেদনাৰ মাজতে শনিবাৰে বিয়লি ভাৰত-পাক খেল চাই থকা সময়ত উৰ্বশী ৰাউটেলাই নিজৰ প্ৰিয় আইফোনটো হেৰুৱালে।

সেইদিনা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা হাই ভল্টেজ ভাৰত-পাকিস্তান মেচক লৈ উত্তেজনাৰ অন্ত নাছিল। খোদ দেশৰ গৃহমন্ত্ৰীও উপস্থিত আছিল ষ্টেডিয়ামত। নাতিনীয়েকক কোলাত লৈ খেল উপভোগ কৰা দেখা গৈছিল অমিত শ্বাহক। অৰিজিত সিং, ছলমান খানৰ উজ্জীৱিত প্ৰদৰ্শনো চলি আছিল। আৰু সেই মেচখন চাই থাকোঁতে উৰ্বশী ৰাওটেলাই নিজৰ আইফোনটো হেৰুৱাই পেলালে।

উৰ্বশী ৰাউটেলা। ফটোঃ সংগ্ৰহীত।

নিজে টুইট কৰি এই বেয়া খবৰটো দিছে অভিনেত্ৰীগৰাকীয়ে। উৰ্বশীয়ে কয়, ‘আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত মোৰ ২৪ কেৰেট সোণৰ আইফোনটো হেৰাইছে। কোনোবাই যদি দেখিছে তেন্তে মোক জনাই সহায় কৰিব। নাইবা আপোনাৰ চিনাকি কোনোবা এজনক টেগ কৰক যিয়ে মোক সহায় কৰিব পাৰে।”

উৰ্বশীৰ সেই টুইটটো নেটজগতত ভাইৰেল হোৱাৰ লগে লগে নেটিজেনৰ একাংশই উপহাস কৰিলে, ‘পন্থৰ মন ইতিমধ্যে হেৰাই গ’ল, এতিয়া ফোনটোও হেৰাই গ’ল?’

উল্লেখ্য যে ক্ৰিকেটাৰ ঋষভ পন্তৰ সৈতে উৰ্বশীৰ সম্পৰ্কক লৈ বহু চৰ্চা চলিছিল। ২০১৮ চনত ঋষভ আৰু উৰ্বশীৰ মাজত সম্পৰ্ক গঢ় লৈ উঠিছিল। কিন্তু তাৰ ‘ভেলিডিটি’ বেছি দিন নাথাকিল। ২০১৯ চনত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ঋষভে কয় যে তেওঁ ইণ্টেৰিয়ৰ ডিজাইনাৰ ঈশা নেগীৰ সৈতে সম্পৰ্কত আছে। শুনা যায় যে ঋষভ আৰু উৰ্বশীৰ সম্পৰ্ক অতি বেয়া অভিজ্ঞতাৰে সমাপ্ত হৈছিল। পূর্বেও দুয়োৰে মাজত বহু বোকা ছটিওৱা খেল চলিছিল৷ কিন্তু এই সকলোবোৰ কেবল মুখৰোচক চৰ্চাহে আছিল!

Related News