পেলেষ্টাইনৰ গাজা যুদ্ধই নতুন ৰূপ লৈছে। এইবাৰ আমেৰিকা আৰু ব্ৰিটেইনে য়েমেনত হুথি বিদ্ৰোহীৰ ঘাটি লক্ষ্য কৰি ব্যাপক আক্ৰমণ চলাইছে। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই আক্ৰমণ।
গাজাত ইজৰাইলৰ আক্ৰমণ বন্ধ কৰাৰ দাবীত লোহিত সাগৰত ইজৰাইল অভিমুখী আৰু ইজৰাইলৰ মালিকানাধীন জাহাজত আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পশ্চিমীয়া শক্তিধৰ দেশ দুখনে এই পদক্ষেপ গ্ৰহণ কৰে।
বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই আক্ৰমণত হুথিৰ অস্ত্ৰ ভাণ্ডাৰ, কমাণ্ড চেণ্টাৰকে ধৰি বিভিন্ন আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱা হৈছে বুলি জানিবলৈ দিয়ে আমেৰিকাৰ এজন বিষয়াই।
লগতে পঢ়কঃ গোৱাৰ হোটেলৰ সূচানাৰ কোঠাৰ পৰা পত্ৰ উদ্ধাৰ আৰক্ষীৰ; মুকলি হ’বনে সকলো জটিল ৰহস্য?
এই আক্ৰমণত টমাহোক ক্ৰুজ মিছাইল ব্যৱহাৰ কৰা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এই ক্ষেপণাস্ত্ৰ জাহাজৰ পৰা উৎক্ষেপণ কৰা হৈছে। ইয়াৰ উপৰিও যুদ্ধ বিমানো ব্যৱহাৰ কৰা হৈছে।
ইয়াৰ পূৰ্বে হুথিৰ এজন বিষয়াই কয় যে ৰাজধানী ছানাত “শত্ৰুৰ আক্ৰমণ” চলি আছে। ছানা’ৰ এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে তেওঁ তিনিটা প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিছিল।
লগতে পঢ়কঃ ধৰ্ম সংকট! ৰাম মন্দিৰৰ উদ্বোধন বৰ্জন ৪ শংকৰাচাৰ্যৰ
যোৱা বৃহস্পতিবাৰে হুথিয়ে আমেৰিকা আৰু ব্ৰিটিছ যুদ্ধজাহাজক লক্ষ্য কৰি ২১টা ড্ৰোন আৰু মিছাইল নিক্ষেপ কৰিছিল। ইয়াৰ পিছতে তেওঁলোকে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ ভাবুকি দিছিল। অৱশ্যে হুথিয়েও এই আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ ভাবুকি দিছে।