NORTHEAST NOW (Assamese)

আদানীৰ বিৰুদ্ধে একেলগে চলিব দেৱানী আৰু ফৌজদাৰী গোচৰ! নিৰ্দেশ আমেৰিকাৰ আদালতৰ

January 3, 2025 12:25 pm · এন ই নাও নিউজ, গুৱাহাটী

উৎকোচ গোচৰত অভিযুক্ত উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাত অব্যাহত থাকিব দেৱানী আৰু ফৌজদাৰী (অপৰাধমূলক) গোচৰ। শুকুৰবাৰে নিউয়ৰ্কৰ আদালতে এই নিৰ্দেশ জাৰি কৰে। এই সংক্ৰান্তীয় তিনিটা গোচৰৰ বিচাৰৰ দায়িত্ব লাভ কৰিছে জিলা ন্যায়াধীশ নিকোলাছ জি গাৰাফিছে।

অভিযোগ অনুসৰি গৌতম আদানীৰ মালিকানাধীন আদানী গ্ৰীণ এনাৰ্জি লিমিটেডে অন্ধ্ৰপ্ৰদেশকে ধৰি ভাৰতৰ কেইবাখনো ৰাজ্যৰ চৰকাৰী বিষয়াক (মন্ত্ৰী, জনপ্ৰতিনিধিকে ধৰি) উৎকোচ দি বজাৰৰ মূল্যতকৈ অধিক সৌৰশক্তি বিক্ৰী কৰাৰ বাবে কোটেচন লাভ কৰিছিল। উৎকোচৰ পৰিমাণ ২৬.৫ কোটি ডলাৰ (২০২৯ কোটি টকা)। এই তিনিটা অভিযোগৰ ভিত্তিত আমেৰিকাৰ ন্যায় বিভাগ আৰু বজাৰ নিয়ন্ত্ৰক এছ ই চি (চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন)য়ে ক্ৰমে অপৰাধমূলক আৰু দেৱানী ( চিভিল আৰু ক্ৰিমিনেল) অভিযোগ দাখিল কৰে।

১৯৭৭ চনত প্ৰণয়ন কৰা আমেৰিকাৰ উৎকোচ বিৰোধী আইন ‘বিদেশী দুৰ্নীতি আচৰণ আইন’ (এফচিপিএ) উলংঘা কৰাৰ লগতে ছিকিউৰিটিজ (শ্বেয়াৰ আৰু বণ্ড) প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ আৰু তাঁৰ জালিয়াতিৰ অভিযোগো আছে। শ্বেয়াৰ আৰু বণ্ড বজাৰৰ নিয়ম উলংঘাৰ সৈতে জড়িত জালিয়াতিৰ অভিযোগো দেৱানী আইনৰ অধীনত অনা হৈছে।

২১ নৱেম্বৰত এছ ই চি আৰু ন্যায় বিভাগে আদানী গ্ৰুপৰ বিৰুদ্ধে নিউয়ৰ্কৰ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্ট কোৰ্টত অভিযোগনামা দাখিল কৰে। গৌতম, তেওঁৰ ভতিজাk সাগৰ, কোম্পানীটোৰ অন্যতম পৰিচালক বিনীত জৈন আৰু তেওঁলোকৰ সহযোগীসকলে ভাৰতৰ বিভিন্ন ৰাজ্যত বজাৰ মূল্যতকৈ অধিক মূল্যত সৌৰশক্তি বিক্ৰী কৰিবলৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল। এজিএলে উৎকোচ লুকুৱাই বেংক অৱ আমেৰিকা আৰু আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা প্ৰকল্পৰ বাবে কোটি কোটি টকা সংগ্ৰহ কৰে। যিটো হৈছে প্ৰতাৰণা।

অভিযোগৰ মূল কথা মানি লৈ এইবাৰ আদালতে আদানীগোষ্ঠীৰ বিৰুদ্ধে তিনিটা দেৱানী আৰু অপৰাধমূলক গোচৰৰ একেলগে শুনানিৰ নিৰ্দেশ দিয়ে। তদন্তকাৰী সংস্থাটোৰ মতে, আদানীয়ে ২০ বছৰ ধৰি ইয়াৰ পৰা ২০ কোটি ডলাৰ (প্ৰায় ১৬,৯০০ কোটি টকা) লাভ কৰাৰ পৰিকল্পনা কৰিছিল।

ইপিনে, আদানী গ্ৰুপে সকলো অভিযোগ অস্বীকাৰ কৰিছে। তাৰ লগতে জনাইছে যে অভিযোগনামাত গৌতম আৰু সাগৰৰ বিৰুদ্ধে পোনপটীয়াকৈ উৎকোচৰ অভিযোগ উত্থাপন কৰা হোৱা নাই। তথ্য লুকুৱাই প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰা হৈছে। সাধাৰণতে উৎকোচৰ শাস্তিৰ তুলনাত এই অভিযোগৰ শাস্তি কম। অভিযুক্তক কেৱল জৰিমনাহে বিহা হয়।

Related News