নেন্সি পেলোচিৰ সুৰক্ষাৰ বাবে টাইৱানৰ সমীপত চাৰিখনকৈ যুদ্ধজাহাজ আমেৰিকাৰ
চীন আৰু আমেৰিকাৰ মাজত পুনৰ আৰম্ভ হৈ শীতল যুদ্ধ। চীনৰ সতৰ্কবাণীৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ নেন্সি পেলোচি মঙলবাৰে টাইপেই অভিমুখে যাত্ৰা কৰে। ,এনে সময়তে আমেৰিকাই চাৰিখন যুদ্ধজাহাজ টাইৱানৰ পূবৰ সাগৰত সাজু কৰি ৰাখিছে।কেৰিয়াৰ ইউএছএছ ৰোনাল্ড ৰেগানে দক্ষিণ চীন সাগৰত ,পৰিবহন কৰিছিল আৰু বৰ্তমান ফিলিপাইনছ সাগৰত, টাইৱানৰ পূবত আৰু ফিলিপাইনছত আৰু জাপানৰ দক্ষিণত দিশত সাজু কৰি ৰখা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ এজন বিষয়াই মঙলবাৰে কয়। ৰেগানে নামৰ জাহাজ খনত এটা গাইডেড মিছাইল ক্ৰুজাৰ, ইউএছএছ এণ্টিটাম আৰু ইউএছএছ হিগিন্স নামৰ এটা মিছাইল আছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নিম্ন সদনৰ অধ্যক্ষ নেন্সি পেলোচিয়ে তেওঁৰ এছিয়া ভ্ৰমণকালত আজি টাইৱানলৈ যায়। টাইৱান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্তৃপক্ষই এইকথা সদৰী কৰিছে।
যদি পেলোচিয়ে টাইৱান ভ্ৰমণ কৰে ইয়াৰ পৰিণাম ভয়ংকৰ হ’ব বুলি চীনে কেইবাদিনো ধৰি সতৰ্ক কৰি দি কৈ আহিছে। তেওঁলোকে ইয়াৰ যিকোনো পৰিণতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই দায়িত্ব ল’ব লাগিব বুলিও সকীয়াই দিছে।
বিডেন প্ৰশাসনেও এই বিষয়ে সতৰ্ক কৰি দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ চীনৰ ভাবুকিকলৈ উদ্বিগ্ন।
টাইৱান কৰ্তৃপক্ষই জানিবলৈ দিছে যে তেওঁলোকে আশা কৰে পেলোচি স্বায়ত্তশাসিত অঞ্চলটোত এটা নিশা কটাব। অৱশ্যে পেলোচিয়ে টাইৱানত কেতিয়া অৱতৰণ কৰিব সেয়া এতিয়াও স্পষ্ট কৰা হোৱা নাই। সকলো ঠিকেই থাকিলে পেলোচিয়ে মঙলবাৰে টাইৱানত উপস্থিত হোৱাৰ কথা।
ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে পেলোচিৰ ভ্ৰমণৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে চীনৰ যিকোনো ব্যৱস্থা অৱৰোধ কৰি পেলোচিক সুৰক্ষিত ৰাখিবলৈ সাজু হৈছে।
আনহাতে, সোমবাৰে চীনে কয় যে পেলোচিৰ এই ভ্ৰমণৰ ৰাজনৈতিক পৰিণাম ভয়ংকৰ হ’ব। চীনৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্ট কৰি দি কয়,”আমি আমেৰিকা যুক্তৰাষ্ট্ৰক ক’ব বিচাৰো যে চীন সাজু আৰু চীনৰ মুক্তি সেনা নিষ্ক্ৰিয় হৈ বহি নাথাকে। চীনে ইয়াৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক স্থিতি সুৰক্ষিত কৰিবলৈ উপযুক্ত প্ৰত্যুত্তৰ দিব।”