NORTHEAST NOW (Assamese)

ক’ৰ’নাত দিশহাৰা ছুপাৰপাৱাৰ আমেৰিকা, যোৱা ২৪ ঘণ্টাত ৰেকৰ্ড সংখ্যক মৃত্যু

April 16, 2020 11:29 am · এন ই নাও নিউজ
ফটো : নৰ্থ-ইষ্ট নাও

ক’ৰ’না ভাইৰাছৰ সংহাৰে সম্পূৰ্ণৰূপে দিশহাৰা কৰি তুলিছে ছুপাৰপাৱাৰ আমেৰিকাক। দেশখনত ক’ৰ’না সংক্ৰমণ নিয়ন্ত্ৰণৰ বাহিৰত গুছি যোৱা পৰিলক্ষিত হৈছে।

যোৱা ২৪ ঘণ্টাত দেশখনত ক’ৰ’নাৰ ফলত প্ৰায় ২৬০০ লোকে প্ৰাণ হেৰুওৱা খবৰে আমেৰিকাৰ লগতে পুৰা বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে।

জনছ হফিন্স য়ুনিভাৰ্চিটিৰ ক’ৰ’না ভাইৰাছ চেণ্টাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশখনত যোৱা ২৪ ঘণ্টাত ২৫৬৯ গৰাকী লোকৰ মৃত্যু হৈছে।

ক’ৰ’নাৰ ফলত এটা দিনত মৃত্যু হোৱা সংখ্যাৰ ক্ষেত্ৰত এই পৰ্যন্ত এইটোৱে সৰ্বাধিক সংখ্যাৰ ঘটনা।

উল্লেখ্য যে সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰা ক’ৰ’নাত সৰ্বাধিক আমেৰিকাৰ ৬,৩৭,৩৫৯ গৰাকী লোক আক্ৰান্ত হৈছে। আনহাতে মৃত্যু হৈছে ৩০,৮২৬ গৰাকী লোকৰ।

ইয়াৰ উপৰি বিশ্বৰ আন আন দেশ সমূহৰ তুলনাত এই পৰ্যন্ত আমেৰিকাতে সৰ্বাধিক ৩২ লাখ লোকক ক’ৰ’নাৰ পৰীক্ষা কৰা হৈছে।

চীনৰ য়ুহান চহৰত আৰম্ভ হোৱা এই ভাইৰাছবিধে সমগ্ৰ বিশ্বলৈ সম্প্ৰসাৰণ ঘটাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ক’ৰ’নাৰ ফলত বিশ্বত এতিয়ালৈ ১,৩৬,৯০৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্ত হৈছে ২০ লাখৰো অধিক লোক।

আনহাতে এই ভাইৰাছবিধৰ ফলত সুস্থ হৈ উঠিছে প্ৰায় ৫ লাখ লোক।

Related News