ৰাছিয়া বনাম ইউক্ৰেন: যুদ্ধৰ আশংকাৰ মাজতে কিয়েভ স্থিত মাৰ্কিন দূতাবাসৰ কৰ্মকৰ্তাক স্থানান্তৰৰ নিৰ্দেশ ৱাশ্বিংটনৰ

Russia vs Ukraine

ইউক্ৰেন আৰু ৰাছিয়াৰ মাজত বিৰাজ কৰিছে যুদ্ধসম পৰিস্থিতিয়ে। যিকোনো সময়তে ৰাছিয়াই ইউক্ৰেনৰ ওপৰত আক্ৰমণ কৰি দিব পাৰে। ইউক্ৰেনৰ ৰাজধানী কিয়েভ স্থিত মাৰ্কিন দূতাবাসৰ কৰ্মকৰ্তা তথা কৰ্মচাৰীৰ পৰিয়ালক ইতিমধ্যে স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছে ৱাশ্বিংটনে। ৱাশ্বিংটনৰ তৎপৰতাই যুদ্ধৰ আশংকা আৰু অধিক প্ৰবল কৰি তুলিছে।

আমেৰিকাৰ অভিযোগ, ৰাছিয়াই ইউক্ৰেনত আগ্ৰাসনৰ প্ৰস্তুতি চলাইছে। বিপৰীতে আমেৰিকাৰ অভিযোগক একেথিৰে নাকচ কৰিছে মস্কোৱে।

উল্লেখ্য যে, বিগত কেইমাহমান ধৰি ৰাছিয়াই পূব ইউৰোপত নাট’ৰ প্ৰভাৱ সম্প্ৰসাৰণৰ প্ৰসংগলৈ আপত্তি দৰ্শাই আহিছে। সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰ নেতৃত্বাধীন সামৰিক বাহিনীত কিয়েভৰ যোগদানৰ জল্পনা-কল্পনাৰ পিছতেই মস্কোৱে দ্ৰুতগতিত ইউক্ৰেন সীমান্তত সেনা মোতায়েন কৰিছে।

উপগ্ৰহৰ পৰা সংগ্ৰহ কৰা ছবিবোৰেও আসন্ন যুদ্ধৰ ইংগিত দিছে। এনে পৰিস্থিতিত ইউক্ৰেনক সংগ দিছে ব্ৰিটেইন আৰু কানাডাই।

ৰুছ বাহিনীক প্ৰতিহত কৰিবলৈ ইতিমধ্যে ব্ৰিটেইনে ইউক্ৰেনক এন্টি ট্যাংক মিছাইল হস্তান্তৰ কৰিছে। মাত্ৰ এয়াই নহয়, ইউক্ৰেন সেনাক সহায় কৰিবলৈ কানাডাই ইতিমধ্যে প্ৰেৰণ কৰিছে বিশেষ কামাণ্ডো বাহিনী।

ৰাছিয়াই দাবী কৰিছে, ইউক্ৰেনক নাট’ গোটত অন্তৰ্ভূক্ত নকৰাৰ। অন্যথা মস্কোৱে সামৰিক পদক্ষেপ লোৱাৰ ভাবুকি দিছে। এনে পৰিস্থিতিত ব্ৰিটিছ কামাণ্ডো বাহিনীৰ ৩০ জনীয়া এটা দল উপস্থিত হৈছে ইউক্ৰেনত।

লগতে লণ্ডনে ইউক্ৰেনলৈ প্ৰেৰণ কৰিছে প্ৰায় ২ হাজাৰ বিধ্বংসী টেংক। ভবিষ্যতে আৰু অধিক অস্ত্ৰ পঠোৱা হ’ব বুলি জানিব দিছে ব্ৰিটিছ প্ৰতিৰক্ষা সচিবে।

২০১৪ চনৰ পৰাই ৰাছিয়া আৰু ইউক্ৰেনৰ মাজত বিৰাজ কৰি আহিছে এক উত্তেজনাময় পৰিবেশ। ৰাছিয়াই সকলো সময়তে ইউক্ৰেনৰ ওপৰত এক আগ্ৰাসী নীতি অৱলম্বন কৰি আহিছে।

এনে পৰিস্থিতিত ইউক্ৰেনে কি পদক্ষেপ লব সেয়া লক্ষণীয় হ’ব।