মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট্ৰ লেডী মেলানিয়া ট্ৰাম্প কোভিড প’জিটিভ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে নিশা টুইটাৰযোগে তেওঁ আৰু পত্নী ক’ৰ’না প’জিটিভ হোৱাৰ কথা প্ৰকাশ কৰে।

”আজি নিশা, পত্নী আৰু মোৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। আমি কোৱাৰেণ্টাইনত আছো আৰু চিকিৎসা গ্ৰহণ কৰি আছো। এই সময়ত আমি একেলগে আছো,” ৰাষ্ট্ৰপতি ট্ৰাম্পে এইদৰে টুইট কৰে।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ উপৰিও পত্নী মেলেনিয়া ট্ৰাম্পেও টুইটাৰ যোগে তেওঁলোক ক’ৰ’না প’জিটিভ হোৱা বুলি প্ৰকাশ কৰে।

” স্বামী আৰু মই কোভিড প’জিটিভ হোৱাৰ পাছত বৰ্তমান হোম কোৱাৰেণ্টাইনত আছো। দুয়ো বৰ্তমান সুস্থ আছো আৰু অনাগত সকলো ধৰণৰ অনুষ্ঠান, কাৰ্য্যসূচী পিছুৱাই দিয়া হৈছে। সকলোৱে সুস্থ হৈ থকাটো নিশ্চিত কৰক আৰু সুৰক্ষিত থাকক,” ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পে এইদৰে টুইট কৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ’ বিদেনৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰথমখন মুকলি তৰ্কত অংশগ্ৰহণ কৰিছিল।

উক্ত তৰ্কত ক’ৰ’না ভাইৰাছৰ প্ৰসংগত দুয়োগৰাকী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়ে সবল যুক্তি দাঙি ধৰিছিল।