হোৱাইট হাউছত মোদীৰ অভ্যৰ্থনা! আম্বানীৰ পৰা পিচাইলৈ নৈশভোজত অতিথিৰ দীঘলীয়া তালিকা

বৃহস্পতিবাৰে হোৱাইট হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানত ৰাষ্ট্ৰীয় নৈশভোজৰ আয়োজন কৰা হয়। হোৱাইট হাউছৰ নৈশ আহাৰ গ্ৰহণৰ উদ্দেশ্য আছিল দুয়োখন দেশৰ সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে দুয়োখন দেশৰ বন্ধুত্ব উদযাপন কৰা। কোৱা বাহুল্য যে ব্যৱসায়, প্ৰযুক্তি, ফেশ্বন, মনোৰঞ্জন, ৰাজনীতি প্ৰায় প্ৰতিটো স্তৰৰ বিশিষ্ট ভাৰতীয়-আমেৰিকান ব্যক্তিসকল  উপস্থিত থাকি উদ্দেশ্যটো যেন সাৰ্থকভাৱে পূৰণ কৰিলে!

মাৰ্কিন কংগ্ৰেছৰ যৌথ অধিৱেশনত ভাষণ দিয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ হোৱাইট হাউছলৈ উভতি আহে। তেওঁৰ বাবে অপেক্ষা কৰি আছিল ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেন। তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সন্মানত আমেৰিকা চৰকাৰে আয়োজন কৰা এই ৰাষ্ট্ৰীয় নৈশভোজ গ্ৰহণৰ অতিথি তালিকাত কোন নাছিল? আছিল ফেশ্বন ডিজাইনাৰ ৰালফ লৰেন, টেনিছ কিংবদন্তি বিলি জিন কিং, মানৱ অধিকাৰ কৰ্মী মাৰ্টিন লুথাৰ কিং তৃতীয়, হলিউডৰ চলচ্চিত্ৰ পৰিচালক এম নাইট শ্যামালান, গ্ৰেমী বঁটা বিজয়ী সংগীতজ্ঞ জোছুয়া বেল, উদ্যোগী ফ্ৰেংক ইছলাম।

এই নৈশভোজত গুগল ইণ্ডিয়াৰ চিইঅ’ সুন্দৰ পিচাই আৰু তেওঁৰ পত্নী অঞ্জলি পিচাইকে ধৰি টেক জগতৰ বহু বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰে। ভাৰতীয় উদ্যোগৰ নেতাসকলৰ ভিতৰত আছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানী, মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰা, জিৰোধাৰ সহ-প্ৰতিষ্ঠাপক নিখিল কামাথ আদি।

সেইদৰে, প্ৰমিলা জয়পাল, শ্ৰী থানেদাৰ, ৰো খান্না, এমি বেৰা, ৰাজা কৃষ্ণমূৰ্তি আদি ভাৰতীয় মূলৰ আমেৰিকাৰ সাংসদো আছিল। বাইডেন পৰিয়ালৰ পৰা নৈশভোজত যোগদান কৰিছিল হাণ্টাৰ বাইডেন, এছলী বাইডেন, জেমছ বাইডেন আৰু নাওমি বাইডেন-নিলে। উপস্থিত থাকে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছো।

তদুপৰি, ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ লগতে কেইবাগৰাকীও আমেৰিকান কূটনীতিবিদ আৰু বাইডেন প্ৰশাসনৰ সদস্যই এই নৈশভোজত গ্ৰহণত অংশগ্ৰহণ কৰে।

অতিথিসকলৰ খাদ্যৰ বিভিন্ন বাধা-নিষেধৰ কথা মনত ৰাখি মেনু প্ৰস্তুত কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় বজ্ৰা (মিলেট) বৰ্ষৰ সময়ত হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নৈশভোজত বজ্ৰা ভিত্তিক বিভিন্ন ধৰণৰ খাদ্যৰ ব্যৱস্থা কৰা হৈছিল। উদাহৰণস্বৰূপে, ক্ৰিস্পড মিলেট কেক আৰু মেৰিনেটেড মিলেট আছিল অন্যতম।

প্ৰধানমন্ত্ৰী মোদী এগৰাকী নিৰামিষভোজী, প্ৰথম মহিলা জিল বাইডেনে নীনা কাৰ্টিছ নামৰ এগৰাকী নিৰামিষ চেফক ৰান্ধিবলৈ নিযুক্তি দিছিল। হোৱাইট হাউছৰ কাৰ্যবাহী চেফ ক্ৰীছ কামাৰফৰ্ড আৰু হোৱাইট হাউছৰ কাৰ্যবাহী পেষ্ট্ৰি চেফ চুজি মৰিছনৰ সৈতে মিলি তেওঁ এই ৰাষ্ট্ৰীয় নৈশভোজ গ্ৰহণৰ বাবে প্ৰতিটো খাদ্য তৈয়াৰ কৰিছিল।

বাতৰি অনুসৰি, মেনুত লেমন-ডিল কাৰ্ড চচ, স্কোয়াচ কাৰি, গ্ৰীলড কৰ্ণ কাৰ্নেল চালাড, তৰমুজ, টেংগি এভোকেডো চচ, ষ্টাফড পৰ্ট’বেলো মাছৰুম, ক্ৰীমযুক্ত কেশৰ ৰিচ’ট’, গোলাপ আৰু ইলাচি ষ্ট্ৰবেৰী শ্বৰ্টকেক আদি আছিল।

এই ৰাষ্ট্ৰীয় নৈশভোজ সাধাৰণতে হোৱাইট হাউচত বেলেগ দেশৰ ৰাষ্ট্ৰপতি বা ৰজাক সন্মান জনাই অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় ভ্ৰমণৰ অংশ হিচাপে এই  নৈশভোজ গ্ৰহণৰ আয়োজন কৰা হয়। এইদৰে আমেৰিকাই ৰাষ্ট্ৰপ্ৰধান আৰু তেওঁৰ পত্নীক বিশেষ সন্মান আৰু আতিথ্য প্ৰদান কৰে। ইয়াক আচলতে দুখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ কূটনৈতিক পদক্ষেপ বুলি ক’ব পাৰি।