NORTHEAST NOW (Assamese)

ভাৰততকৈ আমেৰিকাই অধিক সংখ্যক ক’ৰ’নাৰ পৰীক্ষা কৰিছে : মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প

April 20, 2020 10:38 pm · এন ই নাও নিউজ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাই ভাৰততকৈ বেছি সংখ্যক ক’ৰ’না ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰিছে বুলি মন্তব্য কৰে।

‘‘আমাৰ বৰ্তমানলৈ ৭.৬ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু আমি ভাৰতকে ধৰি অন্য দহখন দেশতকৈ অধিক ক’ৰ’না ভাইৰাছৰ পৰীক্ষা কৰিছো,’’ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়।

ট্ৰাম্পে ভাৰতৰ লগতে ফ্ৰাঞ্চ, য়ুনাইটেড কিংডম, দক্ষিণ কোৰিয়া, জাপান, ছিংগাপুৰ, অষ্ট্ৰেলিয়া, ছুইদেন আৰু কানাডাৰ নাম লয়।

ট্ৰাম্পে আমেৰিকাই ৪০ লাখতকৈ অধিক লোকৰ ক’ৰ’না পৰীক্ষা কৰা বুলি দাবী কৰি ই সমগ্ৰ বিশ্বত এক অভিলেখ বুলি কয়।

আনহাতে, ৰাষ্ট্ৰপতি ট্ৰাম্পেক ক’ৰ’না ভাইৰাছৰ প্ৰসংগ লৈ চীনক আক্ৰমণ অব্যাহত ৰাখিছে। ক’ৰ’না ভাইৰাছৰ উৎপত্তি সম্পৰ্কে অনুসন্ধানৰ বাবে অনুমতি হ’লে আমেৰিকাৰ অনুসন্ধানকাৰী গৱেষৰ দল চীনলৈ পঠাবলৈ আমেৰিকা প্ৰস্তুত বুলিও ট্ৰাম্পে লগতে কয়।

তদুপৰি, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সৈতে চীন জড়িত থকাৰ তথ্য লাভ কৰিলে চীনক সুদাই নেৰো বুলিও ট্ৰাম্পেও ভাবুকি দিয়ে।

Related News