২৬/১১ৰ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিবলৈ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে অনুমোদন জনাইছে। ফলত তেওঁক ভাৰতলৈ ঘূৰাই অনাত আৰু কোনো বাধা নাই।
ভাৰতে দীৰ্ঘদিন ধৰি পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক তাহাউৰ ৰানাক প্ৰত্যাৰ্পণৰ চেষ্টা চলাই আহিছে। আমেৰিকাৰ উচ্চতম ন্যায়ালয় আছিল তাহাউৰ ৰানাৰ শেষ আশা। ইয়াৰ পূৰ্বে তেওঁ নিম্ন আদালতত কেইবাখনো আইনী যুঁজত পৰাস্ত হৈছিল। মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত তাহাউৰে অৱশেষত ছান ফ্ৰান্সিস্কোৰ নৰ্থ চাৰ্কিট আমেৰিকান ক’ৰ্ট অৱ আপীলতো বিমুখ হোৱাৰ পিছত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
১৩ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল তাহাউৰ ৰাণাই। অৱশ্যে ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছদিনা আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে তাহাউৰ ৰানাৰ ৰিট আবেদন খাৰিজ কৰে।
২৬/১১ মুম্বাই আক্ৰমণত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাক সহায় কৰাৰ অভিযোগত কানাডাৰ ব্যৱসায়ী তাহাউৰৰ বিৰুদ্ধে আমেৰিকাৰ জিলা আদালতত গোচৰ চলি আছিল। তাতে তাহাউৰক দুটা অভিযোগত দোষী সাব্যস্ত কৰা হয়। প্ৰথমতে বিদেশী সন্ত্ৰাসবাদী সংগঠনৰ প্ৰতি সমৰ্থন। দ্বিতীয়তে, ডেনমাৰ্কত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনাত জড়িত হোৱা।
অৱশ্যে ভাৰতত সংঘটিত আক্ৰমণত সন্ত্ৰাসবাদীক সহায় কৰাৰ অভিযোগৰ পৰা তাহাউৰক দোষমুক্ত কৰা হয়। প্ৰথম দুটা অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত তাহাউৰে ৭ বছৰ কাৰাদণ্ড ভুগিছিল।
তেওঁক মুক্তিৰ বাবে আলোচনা আৰম্ভ হোৱাৰ লগে লগে ভাৰতে তেওঁক প্ৰত্যাৰ্পণ কৰিবলৈ অনুৰোধ জনায়। নতুন দিল্লীয়ে যুক্তি দিছিল যে মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত থকাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে ভাৰতৰ মাটিত বিচাৰ হ’ব লাগে। ভাৰতৰ দাবীক প্ৰত্যাহ্বান জনাই তেওঁ প্ৰথমে প্ৰত্যাৰ্পণ আদালতলৈ যায়, আৰু তাৰ পিছত নাকচ হোৱাৰ পিছত আমেৰিকাৰ আপিল আদালতলৈ যায়। কিন্তু তেওঁৰ এই দাবী সেই আদালততো নৰজিল। ফলত উচ্চতম ন্যায়ালয়েই তেওঁৰ একমাত্ৰ বিকল্প পথ আছিল। এইবাৰ বন্ধ হৈ গ’ল সকলো পথ।
বৰ্তমান তেওঁক লছ এঞ্জেলছৰ মেট্ৰ’পলিটান ডিটেনচন চেণ্টাৰত ৰখা হৈছে। শীঘ্ৰেই আৰম্ভ হ’ব তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া।