NORTHEAST NOW (Assamese)

অতিমাৰীক ৰুধিবলৈ বদ্ধপৰিকৰ আমেৰিকা: সমগ্ৰ বিশ্বৰ বাবে ক্ৰয় কৰিব ৫০০ নিযুত ভেকচিন

June 10, 2021 2:39 pm · এন ই নাও নিউজ

অতিমাৰী ক’ৰ’নাই জোলকা-জোলকে পানী খুওৱা আমেৰিকাত এতিয়া এই মাৰাত্মক ৰোগ বিধ নিয়ন্ত্ৰণলৈ আহিছে।

আমেৰিকাত নিয়ন্ত্ৰণলৈ আহিলেও ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত এতিয়াও কোভিডে সমানে সংহাৰ চলাই গৈছে। এনে সময়তে কোভিডৰ পৰা বিশ্বক ৰক্ষা কৰাৰ বাবে আমেৰিকাই ৫০০ নিযুত ভেকচিন ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে।

আজি বিদেন প্ৰশাসনে এই কথা ঘোষণা কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে প্ৰকাশ কৰা মতে মাৰ্কিন চৰকাৰে ১০০ খন দেশক যোগান ধৰিব পৰাকৈ ফাইজাৰৰ ভেকচিন ৫০০ নিযুত ক্ৰয় কৰিব।

ইউৰোপ ভ্ৰমণলৈ যোৱা বিদেনে কয় যে এই ৫০০ নিযুত ভেকচিন ২ বছৰৰ ভিতৰত আমেৰিকাই বিশ্বৰ বিভিন্ন দেশক দিব।বিশ্ব স্বাস্থ্য সংস্থাইগ্ৰহণ কৰা কোভাক্স আঁচনিৰ অধীনত এই বিশাল পৰিমাণৰ ভেকচিন বিশ্বৰ বিভিন্ন দেশে লাভ কৰিব।

ইতিমধ্যে ফাইজাৰৰ মুখ্য কাৰ্যবাহী এলবাৰ্ট বাউৰলাৰ সৈতে ৰাষ্ট্ৰপতি জো বিদেনে এই বিষয়ত থৰচি মাৰি আলোচনা কৰিছে।

উল্লেখ্য বিশ্বস্থ্য সংস্থৰ কোভাক্স আঁচনিলৈ বিভিন্ন দেশে ভেকচিন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

ভাৰতেও ওএ আচনিৰ অধীনত বিশ্বৰ কেইবাখনো দেশক ইতিমধ্যে ৫ কোটিৰো অধিক ভেকচিন আগবঢ়াইছে।

অৱশ্যে ইংলেণ্ড আৰু কানাডাই এই আঁচনিৰ অধীনত কিমান ভেকচিন আগবঢ়াব সেয়া এতিয়াও ৰাজহুৱা কৰা নাই।

Related News