ভাৰতত চলি থকা প্ৰতিবাদৰ মাজতে আমেৰিকা-ফ্ৰান্সে সতৰ্ক কৰি দিলে ইয়াৰ নাগৰিকক

3534_b

প্ৰতিনিধিত্বমূলক ফটো

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত চলি থকা প্ৰতিবাদৰ সময়ত ঠায়ে ঠায়ে হিংসাত্মক কাৰ্য সংঘটিত হৈছে।

উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ অসম, ত্ৰিপুৰা আৰু মেঘালয়ত প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছে।

ভাৰতত নাগৰিকত্ব আইনক লৈ চলি থকা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকা, কানাডা আৰু ফ্ৰান্সে তেওঁলোকৰ দেশৰ নাগৰিকসকলক সতৰ্ক কৰি দিছে।

নিজৰ দেশৰ নাগৰিকসকলক অসমলৈ নাহিবলৈ পৰামৰ্শ দিছে। অৱশ্যে, অসমত বৰ্তমান শান্তি ঘুৰি আহিছে আৰু গুৱাহাটীত সান্ধ্য আইনো শিথিল কৰি দিয়া হৈছে।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰ সংঘই কয় যে তেওঁলোকে ভাৰতৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰভাৱৰ বিষয়ে নিকটভাৱে পৰ্যবেক্ষণ কৰি আছে।

আনহাতে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-জাপানৰ সন্মিলন বাতিল কৰা হৈছে।

নাগৰিকত্ব সংশোধনী আইনৰ পাছত অসমৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাত ইয়াৰ প্ৰভাৱ বিভিন্ন ক্ষেত্ৰত পৰা পৰিলক্ষিত হৈছে।

শেহতীয়াকৈ আমেৰিকা, কানাডা আৰু ফ্ৰান্সে তেওঁলোকৰ দেশৰ নাগৰিকক অসম ভ্ৰমণৰ বাবে সতৰ্ক কৰি দিয়াৰ পাছত ইয়াৰ প্ৰভাৱ পৰ্যটন ক্ষেত্ৰতো পৰাৰ সম্ভাৱনা বৃদ্ধি পালে।

বিশেষকৈ পৰ্যটকৰ বাবে আটাইতকৈ উপযুক্ত সময়খিনিতে বিদেশী পৰ্যটকৰ আগমণ হ্ৰাস পালে স্বাভাৱিকতে ৰাজ্যখনৰ পৰ্যটন উদ্যোগত ইয়াৰ প্ৰভাৱ পৰিব।