• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICC T20 World Cup: চলিত বিশ্বকাপত প্ৰথমটো অঘটন! ছুপাৰ অভাৰত পাকিস্তানক পৰাস্ত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2024 7:27 am
ফটো সৌজন্যঃ আইচিচি।

ফটো সৌজন্যঃ আইচিচি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টী-২০ বিশ্বকাপত ছুপাৰ অভাৰত পাকিস্তানক পৰাস্ত কৰিলে ক্ৰিকেটৰ শিশু আমেৰিকা যুক্তৰাষ্ট্ৰই। প্ৰথমে বেটিং কৰি পাকিস্তানে ৭ উইকেটত ১৫৯ ৰান সংগ্ৰহ কৰে। আমেৰিকাই ৩টা উইকেট হেৰুৱাই ১৫৯ ৰানতে ৰৈ যায়। ফলত মেচখন চুপাৰ অভাৰলৈ গ’ল। পিছত ছুপাৰ অভাৰত ১ টা উইকেট হেৰুৱাই ১৮ ৰান সংগ্ৰহ কৰে আমেৰিকাই। ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে ১টা উইকেট হেৰুৱাই ১৩ ৰানহে সংগ্ৰহ কৰে।

বৃহস্পতিবাৰে ডালাছৰ গ্ৰেণ্ড প্ৰেৰি ষ্টেডিয়ামত প্ৰথমে বেটিং কৰি পাকিস্তানে  ভাল আৰম্ভণি কৰা নাছিল। আমেৰিকাৰ বলাৰসকলে আৰম্ভণিৰে পৰাই তেওঁলোকক চাপত ৰাখিছিল। কেৱল পাকিস্তানৰ অধিনায়ক বাবৰ আজম আৰু মিডল অৰ্ডাৰ বেটছমেন ছাদাব খানেহে কিছু ৰান সংগ্ৰহ কৰিবলৈ কৰিবলৈ সক্ষম হয়।

ইনিংছৰ দ্বিতীয় অভাৰতে পাকিস্তানে উইকেট হেৰুৱায়। অ’পেনাৰ মহম্মদ ৰিজৱানে ব্যক্তিগত ৯ ৰান সংগ্ৰহ কৰি উভতি যায়। পৰৱৰ্তী অভাৰত তিনি নম্বৰত নমা উছমান খানে ৩ ৰান সংগ্ৰহ কৰি ওভতে। ইয়াৰ উপৰিও পঞ্চম অভাৰত নমা ফখৰ জামানে ১১ ৰান কৰিয়েই পেভলিয়নলৈ উভতি যায়।

ফটো সৌজন্যঃ আইচিচি।

২৬ ৰানত ৩ উইকেট হেৰুৱাই ছাদাব আৰু বাবৰে প্ৰত্যাৱৰ্তনৰ যুঁজ আৰম্ভ কৰে। এটা মূৰত বাবৰে গোজ পুতি বহি লয়। সিটো মূৰত ছাদাবে অলপ আক্ৰমণাত্মক খেলে। দুয়োজনে ইনিংছত ৭২ ৰান সংযোজন কৰে।

২৫টা বলত ৪০ ৰান সংগ্ৰহ কৰি উভতি যায় ছাদাব। ক্ৰীজলৈ অহাৰ পিছত আজম খান প্ৰথম বলতে আউট হয়। ইটোৰ পিছত সিটোকৈ উইকেট পৰি যোৱাৰ চাপত বাবৰে হাত খুলি খেলিব পৰা নাছিল। দলৰ ১২৬ ৰানত তেওঁ যশদীপ সিঙৰ বলত  এল ডব্লিউ হৈ আউট হৈ যায়। তেওঁ ৪৩টা বলত ৪৪ ৰানৰ ইনিংছ খেলে।

ফটো সৌজন্যঃ আইচিচি।

শেষত ইফতিখাৰ আহমেদৰ ১৪ টা বলত ১৮ ৰান আৰু শ্বাহিন শ্বাহ আফ্ৰিডিৰ ১৬টা বলত অপৰাজিত ২৩ ৰানৰ সহায়ত পাকিস্তানে ৭ উইকেট হেৰুৱাই ১৫৯ ৰান সংগ্ৰহ কৰে।

ইয়াৰ প্ৰত্ত্যুৰত আমেৰিকাই ভাল আৰম্ভণি কৰে। শেষত আমেৰিকাক ৪২টা বলত ৫৬ ৰানৰ প্ৰয়োজন হয় আৰু হাতত তেতিয়াও ৯টা উইকেট আছিল। মেচখন তেতিয়াও আমেৰিকাৰ নিয়ন্ত্ৰণতে আছিল। কিন্তু আমেৰিকাক শেষৰ ১২টা বলত ২১ ৰানৰ প্ৰয়োজন হয়। তাৰ পাছত ১৯ নং অভাৰত আক্রমণত নামি মহম্মদ আমিৰে মাত্ৰ ৬ ৰান দি আমেৰিকাৰ জয়ৰ পথ কঠিন কৰি তোলে৷

ফটো সৌজন্যঃ আইচিচি।

কিন্তু ২০ অভাৰত বল কৰিবলৈ আহি হাৰিছ ৰাউফে ছন্দ হেৰুৱাই পেলালে। শেষ অভাৰত প্ৰথম তিনিটা বলত ৩ ৰান দিয়া ৰাউফক চাৰি-ছয় মাৰি আমেৰিকাই স্ক’ৰ সমতালৈ আনে।

পিছত ছুপাৰ অভাৰত পাকিস্তানৰ অধিনায়ক বাবৰ আজমে অভিজ্ঞ পেচাৰ মহম্মদ আমিৰৰ হাতত বল তুলি দিয়ে। কিন্তু এই সিদ্ধান্ত পাকিস্তানৰ বাবে বুমেৰাং হৈ পৰিল। প্ৰথম বলতে বাউণ্ডেৰী হজম কৰা আমিৰে সেই অভাৰত ১৮ ৰান দিয়ে।

ফটো সৌজন্যঃ আইচিচি।

তাৰ পিছত পাকিস্তানৰ হৈ ইফতিখাৰ আহমেদ আৰু ফখৰ জামানক বেটিং কৰিবলৈ পঠিয়ায় বাবৰে। কিন্তু ছুপাৰ অভাৰত পাকিস্তানে ১ টা উইকেট হেৰুৱাই মাত্ৰ ১৩ ৰানহে কৰে। ফলত বিশ্বকাপত আমেৰিকা যুক্তৰাষ্ট্ৰই অঘটন ঘটাই পাকিস্তানক পৰাস্ত কৰি ক্ৰিকেট জগতত চাঞ্চল্যৰ সৃষ্টি কৰিলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

September 13, 2025 8:56 am
দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

September 13, 2025 8:51 am
কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

September 13, 2025 8:17 am
মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

September 13, 2025 8:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

September 13, 2025 8:56 am
দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

September 13, 2025 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd