ট্ৰাম্পৰ দাবী, আমেৰিকাই ক’ৰ’না আক্ৰান্তৰ সৰ্বোচ্চ সীমা পাৰ কৰিছে; শীঘ্ৰেই দেশত নতুন নিৰ্দেশনা

image

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

আমেৰিকাই ক’ৰ’নাত সৰ্বাধিক আক্ৰান্ত হোৱাৰ সীমা অতিক্ৰম কৰিছে বুলি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এখন সংবাদ মেলত উল্লেখ কৰে।

আমেৰিকাত শেহতীয়াভাৱে ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ পৰিসংখ্যা বিশ্লেষণ কৰি এই তথ্য লাভ কৰা হৈছে বুলিও ৰাষ্ট্ৰপতি ট্ৰাম্পে লগতে কয়।

‘‘দেশে নতুন ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সৰ্বাধিক হাৰ অতিক্ৰম কৰিলে। আশাকৰো আমি এনেধৰণে আগবাঢ়ি যাম,’’ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়।

‘‘দেশৰ শেহতীয়া স্থিতিয়ে আমাক এক শক্তিশালী স্থানলৈ লৈ গৈছে আৰু আমি দেশত চলি থকা ল’কডাউন সদৃশ পৰিস্থিতি সম্বন্ধে নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিম,’’ ট্ৰাম্পে লগতে কয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ ফলত বিশ্বৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ক্ষতি হৈছে।

আমেৰিকাত প্ৰায় ছয় লাখৰো অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ত্ৰিশ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে।

উল্লেখযোগ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই গ্ৰহণ কৰা স্থিতিক সমালোচনা কৰি আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থালৈ প্ৰদান কৰি অহা সাহায্য বন্ধ কৰিব বুলিও ঘোষণা কৰিছিল।