NORTHEAST NOW (Assamese)

আনুষ্ঠানিকভাৱে পুনৰ পেৰিছ জলবায়ু চুক্তিত যোগদান আমেৰিকা যুক্তৰাষ্ট্ৰৰ

February 19, 2021 8:23 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰই আনুষ্ঠানিকভাৱে পুনৰ পেৰিছ জলবায়ু চুক্তিত যোগদান কৰে।

২০১৫ চনত পেৰিছ জলবায়ু চুক্তি স্বাক্ষৰিত হৈছিল আৰু প্ৰথমৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াৰ অংশ আছিল।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্য্যকালৰ শেষৰফালে আমেৰিকাই পেৰিছ জলবায়ু চুক্তিৰ পৰা আতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

অৱশেষত ১০৭ দিনৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰ পেৰিছ জলবায়ু চুক্তিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ দিনটোতে আমেৰিকাই পুনৰ পেৰিছ জলবায়ু চুক্তিলৈ উভতি আহিব বুলি ঘোষণা কৰিছিল।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়তো বাইডেনে তেওঁ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লে পেৰিছ জলবায়ু চুক্তিত আমেৰিকাই পুনৰ যোগদান কৰিব বুলি কৈছিল।

বিশ্বৰ বিভিন্ন বিজ্ঞানী আৰু নেতা সকলে আমেৰিকাই আনুষ্ঠানিকভাৱে পেৰিছ জলবায়ু চুক্তিলৈ উভতি অহা বাবে ধন্যবাদ জ্ঞাপন কৰি দেশখনৰ সম্ভাষণ জনায়।

Related News