NORTHEAST NOW (Assamese)

মই ১৫ অক্টোবৰৰ দ্বিতীয়খন তৰ্কৰ বাবে সাজু হৈছো; কোভিড প’জিটিভ ড’নাল্ড ট্ৰাম্পৰ মন্তব্য

October 7, 2020 12:14 pm · এন ই নাও নিউজ
Updated: October 7, 2020 12:21 pm

ক’ৰ’না আক্ৰান্ত হৈ থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয়খন তৰ্কৰ বাবে সাজু হৈছে বুলি মঙলবাৰে মন্তব্য কৰে।

” অক্টোবৰৰ ১৫ তাৰিখে ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ’ বিদেনৰ সৈতে হ’বলগীয়া দ্বিতীয়খন তৰ্কৰ বাবে সাজু হৈছো,” টুইটাৰ যোগে ট্ৰাম্পে এইদৰে লিখে।

উল্লেখযোগ্য যে, মাত্ৰ দুদিন চিকিৎসালয়ত থকাৰ পাছতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৫ অক্টোবৰত পুনৰ হোৱাইট হাউচলৈ উভতি আহিছিল য’ত তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি কোভিডৰ চিকৎসা গ্ৰহণ কৰি আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয়খন তৰ্ক ১৫ অক্টোবৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে তৃতীয়খন তৰ্ক ২২ অক্টোবৰত অনুষ্ঠিত হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলেনিয়া ট্ৰাম্প কোভিড প’জিটিভ হৈছিল। ট্ৰাম্পে চিকিৎসালয়ৰ পৰা ওলাই অহাৰ পাছতে কোভিড ভয় কৰিবলগীয়া ৰোগ নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।

Related News