• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইটোৰ পিছত সিটোকৈ বিফল অনলাইন পেমেণ্ট; হঠাৎ ইউপিআই বিপৰ্যয়ত তোলপাৰ সমগ্ৰ দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2025 7:59 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে সমগ্ৰ দেশৰ ইউপিআই চাৰ্ভাৰত এক বৃহৎ বিপৰ্যয়ৰ সৃষ্টি হয়। খবৰ পোৱা গৈছে যে হঠাতে সমগ্ৰ দেশতে ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচত বৃহৎ বিঘিনি ঘটিছিল। যাৰ বাবে সমগ্ৰ দেশতে কোটি কোটি ডিজিটেল লেনদেন ব্যাহত হয়।

ডাউন ডিটেক্টৰৰ তথ্য অনুসৰি ব্যৱহাৰকাৰীসকলে লেনদেন অসম্পূৰ্ণ, এটাৰ পিছত এটাকৈ পেমেণ্ট বিফল হোৱা, আনকি ধন স্থানান্তৰৰ সমস্যা হোৱাৰো অভিযোগ উত্থাপন কৰিছিল। এই আকস্মিক বিপৰ্যয়ৰ বাবে এইচ ডি এফ চি বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, বেংক অৱ বৰোদা, কোটাক মহিন্দ্ৰা বেংককে ধৰি দেশৰ কেইবাটাও ডাঙৰ বেংক লোকচানৰ সন্মুখীন হৈছে।

জনা গৈছে যে ডাউন ডিটেক্টৰত মুঠ ২,১৪৭ টা ব্যৱহাৰকাৰীৰ অভিযোগ পোৱা যায়। ইয়াৰে প্ৰায় ৬০ শতাংশ অভিযোগ পেমেণ্টৰ সমস্যাৰ সৈতে জড়িত।

নেশ্যনেল পেমেণ্ট কৰ্প’ৰেশ্যন অফ ইণ্ডিয়াই কয় যে ইউ পি আই নেটৱৰ্কৰ বাবে নহয়, কিছুমান নিৰ্দিষ্ট বেংকৰ আভ্যন্তৰীণ কাৰিকৰী সমস্যাৰ বাবেই এই সমস্যা হৈছে। নেশ্যনেল পেমেণ্ট কৰ্প’ৰেশ্যন অফ ইণ্ডিয়াই এক বিবৃতিত কয়, “ইউপিআই সংযোগৰ সমস্যাৰ বাবে আমি দুখিত। এনপিচিআইৰ নিজা ব্যৱস্থাই সঠিকভাৱে কাম কৰি আছে আৰু আমি সংশ্লিষ্ট বেংকসমূহৰ সৈতে কাম কৰি অতি সোনকালে সমস্যাটো সমাধান কৰি আছো।”

পৰিসংখ্যাই দেখুৱাইছে যে বৰ্তমান ভাৰতত ৮৫% ডিজিটেল লেনদেন ইউ পি আইৰ জৰিয়তে হয়। কেৱল ভাৰততে নহয়, বৰ্তমান বিশ্বৰ ৫০% ৰিয়েল টাইম ডিজিটেল লেনদেন ইউ পি আইৰ ওপৰত নিৰ্ভৰশীল।

জুলাই মাহত ইউপিআইৰ লেনদেনৰ সংখ্যা ১৯.৪৭ বিলিয়ন হয়, যিটো সৰ্বকালৰ অভিলেখ। মূল্যৰ ক্ষেত্ৰত জুলাই মাহত মুঠ লেনদেন হৈছে ২৫.০৮ লাখ কোটি টকা, যিটো মে’ৰ পিছত দ্বিতীয় সৰ্বাধিক। লেনদেনৰ পৰিমাণৰ ক্ষেত্ৰত পূৰ্বৰ সৰ্বোচ্চ লেনদেনৰ মূল্য মে’ মাহত ১৮.৬৭ বিলিয়ন টকা আছিল, যিটো জুন মাহত কিছু হ্ৰাস পাই ১৮.৩৯ বিলিয়ন টকা হৈছিল। সেই সময়ত মুঠ লেনদেনৰ মূল্য আছিল প্ৰায় ২৪.০৩ লাখ কোটি টকা। এন পি চি আইয়ে জনোৱা মতে, জুন মাহত মুঠ লেনদেনৰ মূল্য ২৫.০৮ লাখ কোটি টকা, যিটো এবছৰৰ আগৰ জুন মাহত ২০.৬৪ লাখ কোটি টকা আছিল। অৰ্থাৎ বছৰি ২১% বৃদ্ধি।

লেনদেনৰ মাহেকীয়া বৃদ্ধি ৪.৩%। এন পি চি আইয়ে কয় যে এই বৃদ্ধিয়ে দেখুৱাইছে যে ক্ষুদ্ৰ উদ্যোগী, স্থানীয় খুচুৰা বিক্ৰেতা আৰু প্ৰান্তীয় ব্যৱহাৰকাৰীসকলে পূৰ্বতকৈ অধিক ডিজিটেল পেমেণ্ট গ্ৰহণ কৰিছে। ফলত নগদ ধনৰ ওপৰত নিৰ্ভৰশীলতা কমি আহিছে আৰু তেওঁলোকক অৰ্থনৈতিক ব্যৱস্থাৰ মূলসুঁতিত অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান সাতখন দেশত ইউপিআই সেৱা উপলব্ধ। এই তালিকাত সংযুক্ত আৰব আমিৰশ্বাহী, ছিংগাপুৰ, ভূটান, নেপাল, শ্ৰীলংকা, ফ্ৰান্স আৰু মৰিচাছ আদিক অন্তৰ্ভুক্ত কৰা হৈছে।

Regret inconvenience on intermittent UPI connectivity issues as few of the banks were having some internal technical problems . NPCI systems have been working fine and we have worked with these banks to ensure quick resolution.

— NPCI (@NPCI_NPCI) August 7, 2025

ইয়াৰ ভিতৰত ফ্ৰান্সত ইউপিআই আৰম্ভ কৰাটো এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি, কিয়নো ইউৰোপত ইউপিআইৰ ই প্ৰথম পদক্ষেপ। ফলত ফ্ৰান্সত বাস কৰা বা ভ্ৰমণ কৰা ভাৰতীয়সকলে বিদেশী লেনদেনৰ লগত জড়িত জটিলতা নোহোৱাকৈ, স্থানীয়ভাৱে ডিজিটেল লেনদেন কৰিব পাৰিব।

উল্লেখ্য যে এন পি চি আই হৈছে ভাৰতৰ ৰিজাৰ্ভ বেংক আৰু ইণ্ডিয়ান বেংক এছ’চিয়েশ্যনৰ যৌথ উদ্যোগ, যিয়ে ভাৰতত খুচুৰা লেনদেন আৰু নিষ্পত্তিৰ কেন্দ্ৰীয় সংস্থা হিচাপে কাম কৰে। এই বিপৰ্যয়ৰ পিছত সাধাৰণ মানুহ আৰু ব্যৱসায়ীসকলৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছে। অৱশ্যে পৰিস্থিতি শীঘ্ৰে স্বাভাৱিক কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে বুলি কৰ্তৃপক্ষই আশ্বাস দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd