NORTHEAST NOW (Assamese)

জীৱিত কালতে ভূপেন হাজৰিকাদেৱ ভাৰত ৰত্ন সন্মানৰ বাবে যোগ্য আছিল : উষা মংগেশকাৰ

August 11, 2019 7:28 am · শান্তনু শইকীয়া
ফটো : নৰ্থইষ্ট নাও

‘জীৱিত কালতে ভূপেন হাজৰিকাদেৱ ভাৰত ৰত্ন সন্মানৰ বাবে যোগ্য আছিল।‘

শনিবাৰে গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতিষ আই টি এ চেন্টাৰত  ব‍্যতিক্ৰমে আয়োজন কৰা ১৬ সংখ্যক ব‍্যতিক্ৰম বঁটা প্ৰদান অনুষ্ঠানত ভাগ লৈ সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে সুকন্ঠী গায়িকা উষা মংগেশকাৰে।

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কথা উল্লেখ কৰি তেওঁ ক’য়, ‘’ভূপেনদাৰ আমাৰ পৰিয়ালৰ সৈতে বহুত ভাল সম্পৰ্ক আছিল, আমাৰ পৰিয়ালত তেখেতক পৰিয়ালৰ সদস্য হিচাপে ভবা হৈছিল। তেওঁৰ লগতে প্ৰথম বাৰৰ বাবে মই অসমলৈ আহিবলৈ সুযোগ পাইছিলোঁ।‘’

‘’মই খুবেই আনন্দিত যে ভূপেন হাজৰিকা দেৱক ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছে। যদিও মই ভাৱো জীৱিত কালতে তেওঁ এই সন্মান পাব লাগিছিল,’’- উষা মংগেশকাৰে কয়।

‘’অসমত আহিলে সকলোতে মই ভূপেনদাক দেখা পাওঁ। তেওঁ সঁচাই এগৰাকী ব‍্যতিক্ৰমী ব‍্যক্তি আছিল। যি সকলোৰে বাবে আদৰ্শ আছিল,’’- বুলিও তেওঁ মন্তব্য কৰে।

অসমত আহি তেওঁৰ নিজকে ঘৰৱা পৰিৱেশত থকাৰ দৰে অনুভৱ হয় বুলি উল্লেখ কৰি সুকণ্ঠী গায়িকাগৰাকীয়ে লগতে ‘অসম খন মোৰ প্ৰিয় ঠাই’ বুলি সাংবাদিকৰ আগত ব‍্যক্ত কৰে।

আনহাতে, অনুষ্ঠানত উষা মংগেশকাৰে ‘চামেলি মেম’চাব’ত ৪৫ বছৰ আগতে গোৱা ‘অসম দেশৰ বাগিচাৰে ছোৱালী’ শীৰ্ষক গীতটিৰ দুটা কলি অনুৰাগীৰ অনুৰোধ মৰ্মে পৰিৱেশন কৰে।

উল্লেখ‍্য যে এই অনুষ্ঠানতে ব‍্যতিক্ৰমে সুকন্ঠী গায়িকা গৰাকীলৈ ‘প্ৰেৰণা মূলক বঁটা’ৰে সন্মানিত কৰে।

Related News