NORTHEAST NOW (Assamese)

ঈদত মছজিদ সমূহ খুলি দিয়ক যাতে আমি ক’ৰ’না নিৰ্মূলৰ বাবে প্ৰাৰ্থনা কৰিব পাৰো; উত্তৰপ্ৰদেশৰ সাংসদৰ অনুৰোধ

July 22, 2020 11:05 am · এন ই নাও নিউজ
Updated: July 22, 2020 3:14 pm

উত্তৰপ্ৰদেশৰ সমাজবাদী পাৰ্টিৰ সাংসদ চফিকুৰ ৰহমান বাৰ্কে চৰকাৰ আৰু প্ৰশাসনক ঈদত বজাৰ আৰু মছজিদ সমূহ খুলি দিয়াৰ বাবে আহ্বান জনাইছে।

জেষ্ঠ সাংসদ গৰাকীয়ে ঈদত মছজিদ সমূহ সৰ্বসাধাৰণ লোকৰ বাবে খুলি দিয়াৰ বাবে আহ্বান জনাইছে যাতে লোকসকলে ক’ৰ’না ভাইৰাছ নিৰ্মূল হোৱাৰ বাবে আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে।

”এতিয়ালৈ ক’ৰ’না ভাইৰাছৰ কোনোধৰণৰ প্ৰতিষেধক লাভ কৰা নাই, যাৰ অৰ্থ হ’ল ক’ৰ’না ভাইৰাছ হ’ল ৰোগ কিন্তু ই মানুহৰ পাপৰ ফল,” সমাজবাদী পাৰ্টিৰ সাংসদ গৰাকীয়ে লগতে কয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত বিগত ঈদতো ইছলাম ধৰ্মৰ লোক সকলে মছজিদলৈ গৈ উপাসনা কৰিব পৰা নাছিল।

ঈদৰ সমান্তৰালভাৱে হোলীকে ধৰি বিভিন্ন উৎসৱো ক’ৰ’নাৰ সংক্ৰমণৰ বাবে জনসাধাৰণে উদযাপন কৰাৰ পৰা বিৰত আছে।

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ১০ লাখতকৈ অধিক সংখ্যক লোক আক্ৰান্ত হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলৰ পাছতে ভাৰতত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

Related News