• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেদাৰনাথ তীৰ্থভ্ৰমণৰ যাত্ৰাপথত ভূমিস্খলন : আবদ্ধ বহু তীৰ্থযাত্ৰী 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2023 7:30 pm
892
VIEWS
Share on FacebookShare on Twitter

হিন্দু ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ তীৰ্থস্থান কেদাৰনাথ দৰ্শনৰ বাবে যোৱাৰ পথতে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে বহু তীৰ্থযাত্ৰী। আজি কেদাৰনাথ সংযোগী যাত্ৰাপথত যোৱা ভয়াৱহ ভূমিস্খলনে তীৰ্থভ্ৰমণকাৰী সকলৰ মাজত সৃষ্টি কৰিছে তীব্ৰ আতংকৰ। 

এই ভূমিস্খলননৰ ফলত প্ৰায় ১২ গৰাকী যাত্ৰী আবদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে। প্ৰকাশিত খবৰ অনুসৰি, উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেদাৰনাথ যাত্ৰাৰ পথত গৌৰীকুণ্ডা অঞ্চলত এই ভূমিস্খলন সংঘটিত হয়। ইতিমধ্যে ভূমিস্খলন স্থলীত উদ্ধাৰ অভিযান আৰম্ভ হৈছে। 

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। ৰুদ্ৰপ্ৰয়াগ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক আনুষ্ঠানিক সূত্ৰৰ মতে, ভূমিস্খলনৰ ফলত ১০ৰ পৰা ১২ গৰাকী কেদাৰনাথ যাত্ৰী খহি পৰা মাটিৰ তলত সোমাই পৰা বুলি আশংকা কৰা হৈছে। 

এই ঘটনাত অঞ্চলটোৰ কেইখনমান দোকানৰো ক্ষতিসাধন হয়। যোৱা ২৪ ঘন্টাত গৌৰীকুণ্ডা অঞ্চলত হোৱা প্ৰবল বৰষুণৰ বাবেই এই ভয়ংকৰ ভূমিস্খলনৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হৈছে।

ঘটনা সন্দৰ্ভত ৰুদ্ৰপায়াগৰ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নিৰুদ্দিষ্ট যাত্ৰীসকলৰ সন্ধান উলিয়াবলৈ তীব্ৰতৰ অভিযান চলোৱা হৈছে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াৰ নেতৃত্বত উদ্ধাৰ অভিযান চলোৱা হৈছে বুলি তেওঁ লগতে সদৰী কৰে।

লগতে পঢ়কঃ কৃষিমন্ত্ৰী অতুল বৰাই অসমত কৰিব খুজিছে কেইবাখনো দেশে নিষিদ্ধ কৰা পাম খেতি 

লগতে পঢ়কঃ ‘মই নিৰ্দোষী’, ভাৰতীয় মূলৰ ন্যায়াধীশৰ সন্মুখত দাবী অসহায় ট্ৰাম্পৰ!

Recent News

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd