• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষিমন্ত্ৰী অতুল বৰাই অসমত কৰিব খুজিছে কেইবাখনো দেশে নিষিদ্ধ কৰা পাম খেতি 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2023 5:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ বহুকেইখন দেশে ইতিমধ্যে নিষিদ্ধ কৰিছে কৃষিভূমিৰ উৰ্বৰতা হ্ৰাস কৰিব পৰা পাম খেতি। ভূমিৰ প্ৰাকৃতিক উৰ্বৰতা কাঢ়ি নিয়াৰ বাবেই ইতিমধ্যে মালয়েছিয়া, ইণ্ডোনেছিয়া ব্ৰাজিল, পশ্চিম আফ্ৰিকা আদিত পাম তেলৰ খেতি বন্ধ কৰিছে। 

এই বিষাক্ত পাম তেলৰ খেতি অসমৰ ১৭ খন জিলাত কৰিব খুজিছে ৰাইজে দুৰ্ভাগ্যজনকভাবে লাভ কৰা অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই। জানিব পৰা মতে, এই পাম তেলৰ খেতি কৰিবৰ বাবে না না প্ৰলোভন দি খেতিয়কক পতিয়ন নিয়াবলৈ বোকাখাতৰ নৈপৰীয়া অঞ্চল নৈ গাঁও, মিছিমিঅ‍াতি, অফলা, এলেংমাৰি আদি অঞ্চলত দলীয় কৰ্মীক নিয়োগ কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই।

Apply Now

চুবুৰীয়া মিজোৰাম আৰু নাগালেণ্ডত এই পাম তেলৰ খেতিৰ কুফল ভোগ কৰি ইয়াৰ সাধাৰণ ৰাইজে ঐক্যবদ্ধভাৱে এই পাম তেল খেতি বন্ধ কৰিবলৈ বাধ্য হৈ পৰিছে। 

কেৱল ক’ৰ্পৰেটৰ লাভালাভ আৰু মুনাফাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰামদেৱ, আদানী আৰু গডৰেজ কোম্পানীৰ বহতীয়া হৈ অসম চৰকাৰক হেঁচা প্ৰদান কৰি গোপনে অসমৰ ১৭ খন জিলাত পাম তেলৰ খেতি কৰিবলৈ চুক্তিবদ্ধ কৰিছে। এই পাম তেল খেতিৰ পোনপটিয়াকৈ প্ৰচাৰত উঠিপৰি লাগিছে খোদ বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই। 

বোকাখাতত পাম অইল খেতিৰ বিৰোধিতাৰে আজি জীপাল কৃষক শ্ৰমিক সংঘই এক সংবাদ মেল সম্বোধন কৰাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাক কঠোৰ সমালোচনা কৰে। জীপাল কৃষক সংঘৰ নেতা সোণেশ্বৰ নৰহে অভিযোগ কৰি কয় যে, অন্যান্য দেশত নিষিদ্ধ কৰা সৰ্বনাশী পাম অইলৰ খেতি বোকাখাতৰ নৈপৰীয়া অঞ্চলত কৰাৰ বাবে স্থানীয় কৃষকক কৃষিমন্ত্ৰী অতুল বৰাই প্ৰৰোচিত কৰিছে।

লগতে নৰহে কয়, “অসমে আকৌ এক ভয়াৱহ সমস্যাৰ সন্মুখীন হ’বলৈ গৈ আছে। পাম তেল খেতিৰ যি উদ্যোগ গঢ়ি তোলাৰ বাবে কৰ্প’ৰেটৰ হৈ অসম চৰকাৰ বলিয়ান হৈ অসমৰ উৰ্বৰ ভূমিক ধ্বংসৰ পথলৈ নিবলৈ খুজিছে ইয়াক আমি জীপাল কৃষক শ্ৰমিক সংঘই তীব্ৰ গৰিহণা দিছো। ইয়াৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছো। য’ত ভূমিৰ উৰ্বৰতাৰ বাবে কাম কৰিব লাগে, নিজৰ থলুৱা কৃষি পদ্ধতিক ব্যৱসায়ীক পৰ্যায়লৈ উন্নীত কৰিবলৈ কাম কৰিব লাগে, জলসিঞ্চনৰ ব্যৱস্থা কৰি ঘৰুৱা খেতিৰ স্বকীয়তা ৰক্ষা কৰিব লাগে; সেই কাম তেওঁ নকৰি বৰং উৰ্বৰতা ধ্বংসকাৰী সৰ্বনাশী পাম তেল খেতি স্থাপন কৰিবৰ বাবে তেওঁ স্তাৱক বাহিনী, দলীয় কৰ্মীক লগাই গাঁৱে গাঁৱে ভোজভাতৰ আয়োজন কৰি, মানুহক প্ৰত্যয় নিয়াবলৈ চেষ্টা কৰিছে যে এই খেতি কৰিলে ৪০ বছৰলৈকে তেওঁলোকে বিনা কষ্টৰে কটাব পাৰিব। কিন্তু সেই ৪০ বছৰৰ পাছৰ অসমখনৰ কথা ক’ব পৰাকৈ তেওঁলোকৰ হাতত উত্তৰ নাই।”

ইয়াৰোপৰি তেওঁ কয়,“পাম খেতি কৰি এবিঘা মাটিত বছৰি ৪০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি। ধান খেতি কৰি কিমান টকা উপাৰ্জন কৰিব পাৰি বুলি তেওঁলোকে প্ৰচাৰ চলাইছে। কিন্তু ধান খেতি সুলভ ভাৱে জলসিঞ্চন প্ৰয়োগ কৰি বছৰত যদি ৩ বাৰকৈ কৰিব পৰা প্ৰণালি অসমত কৃষিমন্ত্ৰীগৰাকীয়ে কৰিব নোৱাৰে তেন্তে তেওঁ পদত্যাগ নকৰে কিয়? কিয় বহিৰাগ কোম্পানীৰ বহতীয়া হৈ তেওঁ নিজৰ জাতীয়তাবাদী চৰিত্ৰ, অসমৰ থলুৱা ভূমি, ভাষা, সাহিত্য, সংস্কৃতি, থলুৱা কৃষি সংস্কৃতিক জলাঞ্জলি দি বহিৰাগত ব্যৱসায়ীৰ বহতীয়া হৈ অসমৰ ভূমি তেওঁলোকৰ হাতত গতাই দিবৰ বাবে অসম চৰকাৰৰ হৈ সেনাপতিৰ দৰে কাম কৰিবলৈ উঠিপৰি লাগিছে?”

উল্লেখ্য যে পাম খেতিৰ বন্ধ কৰাৰ বাবে ১১৭ গৰাকী বিশেষজ্ঞ, পৰিৱেশবিদে কেন্দ্ৰীয় চৰকাৰক আৱেদন কৰাৰ লগতে প্ৰধানমন্ত্ৰীলৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। বিশেষজ্ঞই জনোৱা মতে এজোপা পাম তেলৰ গছক দৈনিক ৩০০ লিটাৰ পানীৰ প্ৰয়োজন হয়। হাজাৰ হাজাৰ বিঘা মাটিত এই পাম তেলৰ খেতি কৰিলে অত্যধিক পানীৰ প্ৰয়োজনে অঞ্চলটোৰ পৰিৱেশতন্ত্ৰত সাংঘাটিক কুপ্ৰভাৱ পেলাব। পানীৰ নাটনি হোৱাৰ লগতে আন বহু প্ৰাকৃতিক সমস্যাই দেখা দিব বুলি দাবী কৰিছে বিশেষজ্ঞ সকলে। 

জীপাল কৃষক সংঘই দাবী কৰিছে যে চৰকাৰে আমাৰ ভূগৰ্ভৰ জলচক্ৰক নিঃশেষ কৰিবলৈ পাং পাতিছে। ইতিমধ্যে মধ্য ভাৰতত ভূগৰ্ভৰ পানীৰ স্তৰ নাইকিয়া হৈ গৈছে। তাৰ ফলশ্ৰুতিত তেওঁলোকে অসম তথা উত্তৰ পূৰ্বাঞ্চলক ডাম্পিং গ্ৰাউণ্ড ৰূপে টাৰ্গেট কৰিবলৈ আৰম্ভ কৰিছে।

কৃষক নেতা সোণেশ্বৰ নৰহে অভিযোগ কৰি কয় যে, ভাৰতৰ আগশাৰীৰ প্ৰকৃতি প্ৰেমী সংগঠন ডব্লিউ ডব্লিউ এফৰ সৈতে সংযুক্ত অসমৰ নেছাৰ্চ বেকন, আৰণ্যক আদি প্ৰকৃতিপ্ৰেমী সংগঠনেও এই সম্পৰ্কত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে। তেওঁলোকক চৰকাৰে হোম ডিপাৰ্টমেণ্টে ফাণ্ডিং নিদিয়াৰ ভাবুকি দিয়াৰ বাবেই মৌনতা অৱলম্বন কৰিছে নেকি বুলিও সন্দেহ হয় বুলিও নৰহে মন্তব্য কৰে ।

মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ আঁৰতো ৰাজনৈতিক বিশেষজ্ঞই এই পাম খেতিৰ সংযোগ বিচাৰি পোৱাৰ কথাও সোণেশ্বৰ নৰহে উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd