কোভিডত আক্ৰান্ত উত্তৰাখণ্ডৰ ৰাজ্যপাল বেবী ৰাণী মৌৰ্য

a uttara

ক’ৰ’ণা ভাইৰাছত দেশৰ বহু শীৰ্ষ ৰাজনীতিক আক্ৰান্ত হোৱাৰ সময়তে উত্তৰাখণ্ডৰ ৰাজ্যপাল বেবী ৰাণী মৌৰ্যও কোভিড আক্ৰান্ত হৈছে।

মৌৰ্যই  টুইটাৰত তেওঁ কোভিড পজিটিভ হোৱাৰ কথা  ৰাজহুৱা কৰিছে।

টুইটত ৰাজ্যপালগৰাকীয়ে বিগত কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলক কোভিড পৰীক্ষা কৰোৱাবলৈ আহ্বান জনাইছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল কোভিড আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পূৰ্বে অৰ্থাৎ শনিবাৰে উত্তৰাখণ্ডৰ ৰাজ্যপালগৰাকীক মহাৰাষ্ট্ৰ ৰাজ্যপাল ভগত সিং কোছিয়াৰিয়ে সাক্ষাৎ কৰিছিল।

সেয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপালগৰাকীও কোভিডতআক্ৰান্ত হোৱাৰ আশংকা থকা বুলি বহুতে চৰ্চা কৰা পৰিলক্ষিত হৈছে।

টুইটাৰত বেবী ৰাণী মৌৰ্যই কৈছে যে কোভিড আক্ৰান্ত হ’লেও তেওঁৰ দেহত কোভিডৰ কোনো লক্ষণ ফুটি উঠা নাই। তথাপি তেওঁ চিকিৎসকৰ পৰামৰ্শ মতে চলি আছে বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য কিছুদিন পূৰ্বে মৌৰ্যই আগ্ৰাৰ পৰা আহিছিল। উল্লেখ্য দেওবাৰে উত্তৰাখণ্ডত ৪৬৬ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছিল।

এতিয়ালৈকে ৰাজ্য খনত ৭১,২৫৬ গৰাকী লোক এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।