উত্তৰাখণ্ডত ‘মেইন ভী কেজৰিৱাল কেম্পেইন’ৰ সফলতা; ১.৩০ লাখৰো অধিক লোক আপত যোগদান

mcms.php

২০২২ বৰ্ষৰ ফেব্ৰুৱাৰিত উত্তৰাখণ্ড বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। উত্তৰাখণ্ডৰ ২০২২ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আম আদমি পাৰ্টিৰ প্ৰধান তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

আপৰ অন্য এগৰাকী শীৰ্ষ নেতা তথা দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিচুডিয়াই উত্তৰাখণ্ড বহু ৰাজনৈতিক নেতাই আপত যোগদান কৰিব বুলিও কিছুদিন পূৰ্বে ঘোষণা কৰিছিল।

উত্তৰাখণ্ডত চৰকাৰৰ গঠনৰ লক্ষ্য স্থিৰ কৰি লোৱা আপ-এ ইতিমধ্যে উত্তৰাখণ্ডত নিজৰ স্থিতি মজবুত কৰিবলৈ বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছে।

ইয়াৰে প্ৰধান কাৰ্যসূচী হৈছে ‘উত্তৰাখণ্ড মেইন ভী কেজৰিৱাল’ অভিযানেৰে আম আদমি পাৰ্টিৰ সদস্য ভুক্তিকৰণ।

যোৱা ১ ফেব্ৰুৱাৰিত উত্তৰাখণ্ডত আপ-এ মুকলি কৰা এই অভিযানত উত্তৰাখণ্ডৰ জনসাধাৰণে ব্যাপক সঁহাৰি দেখুওৱা পৰিলক্ষিত হৈছে।

আপৰ নেতা ৰবীন্দ্ৰ যুগানে সোমবাৰে ডেহৰাডুনত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি এই অভিযানৰ অংশ হিচাপে এতিয়ালৈকে ৰাজ্যখনত ১ লাখৰো অধিক লোকে আপত যোগদান কৰিছে।

ৰবীন্দ্ৰ যুগানে উল্লেখ কৰা অনুসৰি সোমবাৰেলৈকে ৰাজ্যখনত উক্ত অভিযানৰ দ্বাৰা ১ লাখ ৩০ হাজাৰ লোকে আপত যোগদান কৰিছে।

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচুডিয়াই যোৱা ১ ফেব্ৰুৱাৰিত আৰম্ভ কৰা এই অভিযানত ৪৫ দিনৰ ভিতৰত মিছড্ কলৰ যোগে ১ লাখ  লোকৰ যোগদানৰ লক্ষ্য স্থিৰ কৰা হৈছিল। কিন্তু মাত্ৰ ২১ টা দিনৰ ভিতৰেত ৰাজ্যখনৰ ১ লাখ ৩০ হাজাৰ লোকে আপত যোগদান কৰাত দলটোৱ উৎফুল্লিত হৈ উঠা দেখা গৈছে।

“৪৫ দিনৰ ভিতৰত পাৰ্টিয়ে ১ লাখ লোকৰ যোগদানৰ লক্ষ্য স্থিৰ কৰি লৈছিল, কিন্তু মাত্ৰ ২১ দিনৰ ভিতৰতে আমি এই লক্ষ্যত উপণীত হৈছো। এই উছাহ আৰু সমৰ্থনৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো।” আপৰ  নেতা যুগানে কয়।

“7669007669 এই নম্বৰত আমি ১ লাখ ৩০ হাজাৰ মিছড‌্ কল লাভ কৰিছো। ইয়াৰে ১৭,৩৬৬ টা ইউ এছ নগৰ, ১৬,২২৮ টা ডেহৰাডুন, ১৪,৮৩৮ টা হৰিদ্বাৰ, ১০,৫৬৯ টা নাইনিতালৰ। ইয়াৰ বাহিৰে আন কিছু জিলাৰ পৰাও আমি ভাল সহযোগিতা লাভ কৰিছো। আলম’ৰাৰ পৰা ৮,৮৫০, পাউৰী গাৰ্হৱালৰ পৰা ৯,৬৫৩ আৰু টেহ্ৰী গাৰ্হৱালৰ পৰা ৮,৮৫৯ গৰাকীকৈ লোকে আমাৰ দলত যোগদান কৰিছে।” আপ নেতা যুগানে পুনৰ কয়।

নেতাগৰাকীৰ মতে আপ-এ ৰাজ্যখনত সৰ্বমুঠ ৬,৫০০ খন জনসভাৰ আয়োজনৰ লক্ষ্য স্থিৰ কৰি লৈছিল আৰু ইয়াৰে ২,৫৪০ খন জনসভা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে।

যুগানৰ মতে ২০২২ চনৰ পূৰ্বে উত্তৰাখণ্ডৰ আৰু লোকে আপত যোগদান কৰিব আৰু পাৰ্টিয়ে ৰাজ্যখনৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ব।