NORTHEAST NOW (Assamese)

৬বছৰ পূৰ্বৰ এটা বিতৰ্কিত টুইটাৰ পষ্টক লৈ পুনৰ চৰ্চাত উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী; কি আছিল সেই প’ষ্ট?

July 5, 2021 8:29 am · এন ই নাও নিউজ
উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি।

৬ বছৰ পূৰ্বৰ এটা টুইটাৰ প’ষ্টক লৈ পুনৰ বিতৰ্কৰ মাজলৈ আহিছে উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি।

ধামিয়ে সেই বিতৰ্কিত প’ষ্টটোত লাডাখ আৰু পাকিস্তান অধ্যুষিত কাশ্মীৰক বাদ দি ‘অখণ্ড ভাৰতৰ’ ছবি দিয়াৰ অভিযোগ উঠিছিল।

ইয়াকে লৈ এতিয়া পুনৰ নেটিজেনকে ধৰি কংগ্ৰেছ তথা আম আদমী পাৰ্টিৰ সমালোচনাৰ সন্মুখীন হৈছে ৰাজ্যখনৰ একাদ্বশতম মুখ্যমন্ত্ৰীগৰাকী।

২০১৫চনৰ ১৪ আগষ্টৰ আবেলি ৫বাজি ৩৫মিনিটত টুইটাৰত ধামিৰ একাউন্টৰ পৰা এটা প’ষ্ট দিয়া হৈছিল। ইয়াত ‘অখণ্ড ভাৰত’ বুলি দাবী কৰি যিখন মানচিত্ৰ দাঙি ধৰা হৈছিল তাত লাডাখ আৰু পাকিস্তান অধ্যুষিত কাশ্মীৰ নাই বুলি অভিযোগ কৰা হৈছে।

ইমানদিনে বিষয়টোকলৈ তেনে ব্যাপক বিতৰ্কৰ সৃষ্টি হোৱা নাছিল যদিও মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছতে নতুনকৈ চৰ্চাৰ মাজলৈ আহিছে সেই প’ষ্ট।

নেটিজেনৰ প্ৰশ্ন, কোনে ভাৰতৰ বিকৃত মানচিত্ৰ প’ষ্ট কৰিছে? কাশ্মীৰৰ একাংশ তথা লাডাখ নাই। লাক্ষাদ্বীপ ক’ত? কিয় ভাৰতৰ মূল ভূখণ্ডৰ পৰা পাকিস্তান অধ্যুষিত কাশ্মীৰক বাদ দিয়া হৈছে?

https://twitter.com/pushkardhami/status/632161056865935360

এই বিতৰ্কিত প’ষ্টক লৈ সৰৱ কংগ্ৰেছো।  বিতৰ্কিত মানচিত্ৰ প’ষ্ট কৰাৰ বাবে কিয় পুষ্কৰ সিং ধামিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাইতাক লৈ প্ৰশ্ন তুলিছে কংগ্ৰেছে।

যিয়েই নহওক, বিতৰ্কৰ মাজেৰেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকালৰ আৰম্ভণি ঘটাইছে পুষ্কৰ সিং ধামিয়ে।

Related News