• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংগালুৰুৰ হোটেলত উদ্ধাৰ উজবেকিস্তানৰ মহিলাৰ মৃতদেহঃ হত্যাৰ সন্দেহ আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2024 2:58 pm
Uzbekistan Woman Found Dead At Bengaluru Hotel
2.6k
VIEWS
Share on FacebookShare on Twitter

দাক্ষিণাত্যৰ চহৰ বাংগালুৰুৰ এখন হোটেলত উদ্ধাৰ হৈছে এগৰাকী বিদেশী মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকী উজবেকিস্তানৰ বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

প্ৰকাশিত খবৰ অনুসৰি, বাংগালুৰুৰ শেশাদ্ৰীপুৰম অঞ্চলৰ জগদীশ হোটেলৰ কোঠাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। জৰীনা নামৰ এই ৩৭ বৰ্ষীয় মহিলাগৰাকী চাৰিদিন পূৰ্বে টুৰিষ্ট ভিছাৰে বেংগালুৰুত উপস্থিত হৈছিল।

আৰক্ষীয়ে সদৰী কৰ মতে, বুধবাৰে বিয়লি ৪.৩০ বজাত হোটেলৰ কৰ্মচাৰীয়ে দ্বিতীয় মহলাত থকা জৰীনাৰ কোঠাত টোকৰ মাৰে যদিও কোনো সঁহাৰি লাভ নকৰে। তেওঁলোকে তেতিয়া হোটেলৰ মাষ্টাৰ চাবিৰে দুৱাৰৰ তলা খুলি কোঠাত প্ৰৱেশ কৰে।

কোঠাৰ ভিতৰত মহিলাগৰাকীক মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে কৰ্মচাৰীসকলে। ইয়াৰ পিছতে হোটেলৰ মেনেজাৰে তাৎক্ষণিকভাৱে আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে জনোৱা প্ৰাথমিক তদন্ত আৰম্ভ কৰে। মহিলাগৰাকী হত্যাৰ বলি হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যদিও এতিয়ালৈকে কোনো প্ৰমাণ লাভ কৰা নাই বুলি জানিবলৈ দিয়ে।  

মৃত্যুৰ কাৰণ নিশ্চিতিৰ বাবে জৰীনাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে। কোনো লোকে জৰীনাৰ কোঠাত প্ৰৱেশ কৰিছিল নেকি জানিবলৈ হোটেলখনৰ চিচিটিভি আৰু ৰেজিষ্টাৰ পৰীক্ষা কৰি আছে বুলিও আৰক্ষীয়ে লগতে প্ৰকাশ কৰে।

Recent News

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd