ড০ ভি অনন্ত নাগেশ্বৰনক নতুন মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে নিযুক্তি

Chief economic adviser

কেন্দ্ৰীয় চৰকাৰে আজি ড০ ভি অনন্ত নাগেশ্বৰনক নতুন মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে নিযুক্তি দিছে। ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেটৰ উপস্থাপনৰ মাথোঁ কেইদিনমান পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখ্য যে মুখ্য অৰ্থনৈতিক উপদেষ্টা বিত্ত মন্ত্ৰালয়ৰ সচিব পদবীৰ বিষয়া আৰু তেওঁ পৰম্পৰাগতভাৱে প্ৰতি বছৰে অৰ্থনৈতিক জৰীপৰ মুখ্য দায়িত্ব পালন কৰে।

ক্ৰেডিট চুইচ গ্ৰুপ এজি আৰু জুলিয়াছ বেয়াৰ গ্ৰুপৰ এজন একাডেমিক আৰু প্ৰাক্তন কাৰ্যবাহী ড০ নাগেশ্বৰন কেভি সুব্ৰমনিয়ামৰ উত্তৰাধিকাৰী হিচাপে এই পদত অধিষ্ঠিত হ’ব।

যোৱা বৰ্ষৰ ডিচেম্বৰত কেভি সুব্ৰমনিয়ামৰ তিনি বছৰীয়া কাৰ্যকাল অন্ত পৰিছিল।

উল্লেখ্য যে ড০ ভি অনন্ত নাগেশ্বৰন ২০১৯ চনৰ পৰা ২০২১ চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ আংশিক সময়ৰ ভ্ৰমণকাৰী সদস্য আছিল।

আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ স্নাতকোত্তৰ নাগেশ্বৰনে আমহাৰ্ষ্টৰ মেচাচুচেটছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

তেওঁ আইএফএমআৰ গ্ৰেজুৱেট স্কুল অফ বিজনেছৰ ডিন আৰু ক্ৰিয়া বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ এজন বিশিষ্ট ভিজিটিং প্ৰফেচাৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।