কটন বিশ্ববিদ্যালয়ত চাকৰি : ১০৯ টা পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান

Cotton Vacancy

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

কটন বিশ্ববিদ্যালয় ১০৯ টা শিক্ষক পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান জনাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। প্ৰকাশিত বিজ্ঞাপন নম্বৰ ৰিক্ৰুইতমেণ্ট/চি য়ু/২০১৯/০৪ অনুসৰি নিয়মীয়া পদসমূহ পুৰণ কৰা হ’ব।

তলত উল্লেখ কৰা পদ সমূহত আবেদন আহ্বান কৰা হৈছে-

১) অধ্যাপক

পদৰ সংখ্যা-২১ টা

২) সহযোগী অধ্যাপক

পদৰ সংখ্যা-২০ টা

৩) সহকাৰী অধ্যাপক

পদৰ সংখ্যা-৬৮ টা

বিভিন্ন পদৰ বাবে দৰমহাৰ নিৰিখ সমূহ হ’ল-

১) অধ্যাপক (একাডেমিক লেভেল-১৪): ১,৪৪,২০০ টকাৰ পৰা ২,১৮,২০০ টকা

২) সহযোগী অধ্যাপক (একাডেমিক লেভেল-১৩ এ) ১,৩১,৪০০ টকাৰ পৰা ২,১৭,১০০ টকা

৩) সহকাৰী অধ্যাপক (একাডেমিক লেভেল-১০) ৫৭,৭০০ টকাৰ পৰা ১,৮২,৪০০ টকা।

শিক্ষাগত অৰ্হতা:

ক) য়ু জি চিয়ে নিৰ্ধাৰণ কৰি দিয়া ২০১৮ আৰ্হি অনুসৰি যোগ্যতা থকা প্ৰাৰ্থীসকলক বাচনি কৰা হ’ব। য়ু জি চিয়ে নিৰ্ধাৰণ কৰি দিয়া অৰ্হতা নথকা প্ৰাৰ্থীক সাক্ষাতকাৰৰ বাবে আমন্ত্ৰণ কৰা নহ’ব।

খ) য়ু জি চি ৰেগুলেশ্যনত উল্লেখ থকা অনুসৰি প্ৰাৰ্থীসকলে নেট/শ্লেট/চেট উত্তীৰ্ণ হ’ব লাগিব।

আবেদন মূল্য:

ক) অসংৰক্ষিত/ও বি চি/ এম ও বি চিৰ বাবে ২০০০ টকা

খ) এচ চি/ এচ টি(পি)/ এচ টি (এইচ)/ পি ডব্লিউ ডি/ ই ডব্লিউ এছৰ বাবে ১০০০ টকা

গ) ১০০ য়ু এচ ডলাৰ ভাৰতৰ বাহিৰৰ প্ৰাৰ্থীৰ বাবে।

প্ৰাৰ্থীসকলে কটন বিশ্ববিদ্যালয়ৰ ৱেব চাইটত গৈ আবেদন কৰিব পাৰিব। ৱেব চাইটটো হ’ল recruit2019@cottonuniversity.ac.in

আনহাতে, প্ৰ-পত্ৰ পুৰণ কৰা সকলে হাৰ্ড কপি The Registrar, Cotton University, Panbazar, Guwahati-781 001, India ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব। এটাতকৈ বেছি পদত আবেদন কৰিব বিচৰা প্ৰাৰ্থীয়ে বেলেগ বেলেগ পদৰ বাবে বেলেগ বেলেগকৈ আবেদন কৰিব লাগিব।

উল্লেখযোগ্য তাৰিখ:

চফ‌্ট কপি পঠোৱাৰ অন্তিম তাৰিখ ২০ জুলাই, ২০১৯

হাৰ্ড কপি পঠোৱাৰ অন্তিম তাৰিখ ২৯ জুলাই, ২০১৯ আৰু ৫ আগষ্ট ,২০১৯ (ভাৰতৰ বাহিৰৰ প্ৰাৰ্থীৰ বাবে)