অভিষেক মেচত বৰ্তি থকাৰ যুঁজ নহয়, বৰঞ্চ শ্বাৰ্দুলৰ দৰে অভিজ্ঞ পেচাৰক ছয় মাৰি আদৰণি জনায়। ২০টা বলত ৩৪ ৰানৰ ইনিংছটোত চাৰি আৰু ছয়ৰ জোৱাৰ তোলে। শনিবাৰে আই পি এলৰ মঞ্চত ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে প্ৰমাণ কৰিলে যে তেওঁ সহজতে এৰি যোৱা খেলুৱৈ নহয়।
লক্ষ্ণৌৰ হাতত পৰাস্ত হোৱাৰ পাছতো বৈভৱে সমগ্ৰ দেশৰ ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইমপেক্ট প্লেয়াৰ হিচাপে শনিবাৰে খেলপথাৰত নমা বৈভৱে দৰাচলতে এটা বাৰ্তা প্ৰেৰণ কৰিলে যে পৰৱৰ্তী মেচসমূহত তেওঁক মূল একাদশৰ পৰা আঁতৰাই ৰখাটো কঠিন হ’ব।
শনিবাৰে জয়পুৰৰ পিটচত লক্ষ্ণৌৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয়। মাৰ্কৰাম (৬৬) আৰু আয়ুষ বদৌনী (৫০)ৰ দৰ্শনীয় বেটিঙৰ সহায়ত ৫ উইকেট হেৰুৱাই ১৮০ ৰান সংগ্ৰহ কৰে।
ৰাজস্থানৰ পূৰ্বৰ মেচত আঘাতপ্ৰাপ্ত হৈছিল সঞ্জু চেমছন। ফলত ৰাহুল দ্ৰাবিড়ে তেওঁৰ ঠাইত বৈভৱক খেলোৱাৰ সিদ্ধান্ত লয়। তাতেই বৈভৱ নামৰ এই ১৪ বছৰীয়া কিশোৰে প্ৰথম সুযোগতে নিজৰ ‘ক্লাছ’ দেখুৱাই দিলে। শাৰ্দুল ঠাকুৰৰ ছয় মাৰি আৰম্ভণি কৰে বৈভৱে। পৰৱৰ্তী অভাৰত আবেশ খানৰ বলত আৰু এটা ছয় মাৰে।
প্ৰথম চাৰিটা বলত তেওঁৰ দুটা ছয়ে ক্ৰিকেট বিশেষজ্ঞসকলক উপলব্ধি কৰাইছিল যে ভাৰতীয় ক্ৰিকেটত আন এজন তাৰকাই আত্মপ্ৰকাশ কৰিছে। অৱশ্যে ২০ বলৰ চমু ইনিংছত বৈভৱেও সুযোগ দিছিল। দুবাৰকৈ কেচ তুলি দিছিল। কিন্তু তেওঁ ৰৈ নাথাকিল, তেওঁৰ ৩৪ ৰানৰ ইনিংছটো দুটা চাৰি আৰু তিনিটা ছয়ৰে সজাইছিল।
অৱশ্যে বৈভৱৰ এই সহযোগৰ সৈতে যশস্বী জয়ছৱালে ৫২টা বলত ৭৪ ৰানৰ ইনিংছ খেলি মেচখনত জয়ৰ প্ৰচেষ্টাত কোনো যতি পৰিব দিয়া নাছিল। জয়ছোৱাল আউট হোৱাৰ পাছত দলৰ জয়ৰ দায়িত্ব লয় অধিনায়ক ৰিয়ান পৰাগে ২৬টা বলত ৩৯ ৰান সংগ্ৰহ কৰি আউট হয়। শেষত ৰাজস্থানৰ স্ক’ৰব’ৰ্ডে ২০ অভাৰত ১৭৮ ৰানহে সংগ্ৰহ কৰে। পৰাজিত হয় ২ ৰানত। অৱশ্যে মেচখনত পৰাস্ত হোৱাৰ পাছতো শনিবাৰে ৰাজস্থানে জন্ম দিলে বৈভৱ নামৰ নতুন তাৰকাৰ।
উল্লেখ্য যে আই পি এলৰ গ্ৰেণ্ড নিলামত ৰাজস্থান ৰয়েলছে বৈভৱক ১১ কোটি টকাত ক্ৰয় কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল ১৩ বছৰ। বাওঁহতীয়া বেটছমেনগৰাকীয়ে এই বছৰতে বিহাৰৰ জাৰ্চি পিন্ধি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটাইছিল।
ইয়াৰ পিছত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল। তাত প্ৰথম টেষ্টত শতক অৰ্জন কৰে বৈভৱে। ১২ বছৰ ২৮৪ দিন বয়সত ৰঞ্জীত অভিষেক ঘটায়। অৰ্থাৎ বয়সৰ ফালৰ পৰা বৈভৱে শচীনক চেৰ পেলাইছিল।
স্বাভাৱিকতে এই কিশোৰ প্ৰতিভাৰ কেতিয়া অভিষেক ঘটে তাক লৈ যথেষ্ট আগ্ৰহ প্ৰকাশ পাইছিল। অৱশেষত বৈভৱৰ জীৱনলৈ আহিল বহু প্ৰত্যাশিত দিনটো।