বাজপেয়ীয়ে তেওঁৰ সুযোগ্য নেতৃত্বৰে সমগ্ৰ দেশক একত্ৰিত কৰিব পাৰিছিল : মুখ্য মন্ত্ৰী সোণোৱাল

Sonowal_Bajpayee

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

“বাজপেয়ীৰ বাকশৈলী খুব বেলেগ ধৰণৰ আছিল আৰু তেওঁ আলোচনাৰ মাজেৰে সমস্যা সমাধানত বিশ্বাসী আছিল।” সদ্যপ্ৰয়াত দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰীজনৰ বিষয়ে এই মন্তব্য কৰিছে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।

সোমবাৰে অসম চৰকাৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত প্ৰাক্তন প্ৰধান মন্ত্ৰী অতলবিহাৰী বাজপেয়ীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অনুষ্ঠিত থাকি ৰাজ্যপালজনে বাজপেয়ীৰ বিষয়ে এইদৰে কয়।

আনহাতে অনুষ্ঠানটোত উপস্থিত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ স্বাৰ্থত কাম কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ জনপ্ৰতিনিধিসকলক সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অতলবিহাৰী বাজপেয়ীৰ আদৰ্শেৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান জনাইছে।

তেওঁ কয়, “আমি যিসকল জনপ্ৰতিনিধিয়ে দেশৰ স্বাৰ্থত নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ হৈছো, প্ৰত্যেকেই বাজপেয়ী ডাঙৰীয়াৰ আদৰ্শেৰে যদি অনুপ্ৰাণিত হৈ জীৱনৰ বাটত অগ্ৰসৰ হয় নিশ্চিতভাৱে মানৱ সমাজ উপকৃত হ’ব।”

তেওঁ লগতে কয় যে আতলবিহাৰী বাজপেয়ীয়ে সততা আৰু নিষ্ঠাৰে কেনেকৈ দেশৰ সেৱা আগ বঢ়াব পাৰি ভাৰতবাসীক তাৰ এটা সুস্পষ্ট আৰু শক্তিশালী ধাৰণা দি থৈ গ’ল। বাজপেয়ীয়ে মানৱীয় ব্যক্তিত্বৰে সমগ্ৰ ভাৰতবৰ্ষৰ লোকক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল আৰু সকলোৰে অন্তৰত মানৱীয় অনুভূতি জগাই তুলিছিল বুলিও মুখ্য মন্ত্ৰী সোণোৱালে কয়।

অনুষ্ঠানত উপস্থিত থাকি বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “বাজপেয়ী ডাঙৰীয়াই কেন্দ্ৰৰ সকলো বিভাগৰ বাজেটৰ ১০ শতাংশ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে খৰচ কৰাটো বাধ্যতামূলক কৰি আমাৰ এই অঞ্চলৰ উন্নয়নত এক গতিৰ সূচনা কৰিছিল।”

ইয়াৰ উপৰি তেওঁ কয় যে বাজপেয়ীয়ে এই ধৰণৰ যুগান্তকাৰী নিয়মৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল মানুহৰ বহু নোপোৱাৰ বেদনা এটা এটা নিয়মৰ জৰিয়তে সমাধানৰ বাট মুকলি কৰি অনন্ত দিনলৈ উত্তৰ-পূবক ভাৰতৰ ৰাজনীতি, প্ৰশাসন আৰু শাসনৰ কেন্দ্ৰবিন্দু কৰি থৈ গৈছে।

একেটা অনুষ্ঠানতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয়, “অতলবিহাৰী বাজপেয়ী এজন কেৱল ৰাজনীতিবিদেই নহয়। তেওঁৰ আৰ এছ এছৰ পৰা জনসংঘ, তাৰ পাছত জনতা দল আৰু তাৰ পাছত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ, তেওঁ এই দীঘলীয়া জীৱন পৰিক্ৰমায়ো তেওঁক কিন্তু নিৰহংকাৰী কৰি ৰাখিলে। তেওঁ আছিল এজন অজাতশত্ৰু।”

প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই বাজপেয়ীয়ে মূল্যবোধৰ ৰাজনীতিক সদায় প্ৰথম স্থান দিছিল বুলি উল্লেখ কৰি অসমৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতাৰ কথা দোহাৰে। লগতে তেওঁ অসম আন্দোলনৰ সময়ত অতলবিহাৰী বাজপেয়ীৰ বলিষ্ঠ অংশগ্ৰহণৰ বিষয়েও ভাষণত দাঙি ধৰে।

নিজৰ ভাষণত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি চুক্তিৰ প্ৰণয়ন আৰু বড়ো ভাষা সংবিধানৰ অষ্টম অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বাজপেয়ীৰ অৱদান সম্পৰ্ককে মন্তব্য প্ৰকাশ কৰে।

অনুষ্ঠানৰ শেষত ৰাজ্যপাল ড০ জগদীশ মুখীয়ে প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী বাজপেয়ীৰ কৰ্মৰাজি সম্পৰ্কে বক্তব্য দাঙি ধৰে।

অনুষ্ঠানত এ আই য়ু ডি এফৰ নেতা হাফিজ ৰচিদ ৱচিৰ কাচিমি, অসম সাহিত্য সভাৰ সভাপতি ড০ পৰামানন্দ ৰাজবংশী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, এবছুৰ সভাপতি প্ৰমোদ বড়োকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতা, বিশিষ্ট ব্যক্তি, ভালেসংখ্যক মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ উপৰি যথেষ্ট সংখ্যক সাধাৰণ লোক উপস্থিত থাকে।